পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আদৰ্শ হস্তলিপি


 ইয়াৰ আগেয়ে পুৰণি কালৰ আখৰ লিখা পদ্ধতিৰ বিষয়ে কিছুকথা কলো। ভাল আখৰে মানুহৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলায় তাৰে কিছু কথা কওঁ।

 “ভাল হাতৰ আখৰ ভাল মানুহৰ চিন” বুলি ইংৰাজীত এষাৰ কথা আছে। কাৰ কেনে হাতৰ আখৰ নেদেখিলে কব নোৱাৰি। মানুহজন দেখিয়েই তেওঁৰ হাতৰ আখৰ কেনেকুৱা হ’ব কৈ দিয়াটো সহজ নহয়। আপচু হলেও তেওঁৰ আখৰ ভাল হ’ব পাৰে। কিন্তু আখৰ দেখিয়েই ক’ব পাৰি মানুহজন কেনেকুৱা হ’ব পাৰে। মনোবিজ্ঞানবিদ সকলে কয় হাতৰ আখৰে মানুহৰ চৰিত্ৰ নিৰ্ণয় অৰ্থাৎ আখৰ দেখিয়েই মানুহজনৰ চৰিত্ৰ অনুমান কৰিব পাৰি।

 কেতিয়াবা ইয়াৰ ব্যতিক্ৰমো নোহোৱা নহয়। বেয়া আখৰৰ মানুহো কীৰ্ত্তিবান হোৱাৰ দৃষ্টান্ত আছে। মহাত্মা গান্ধীয়ে তেনেবিধৰ মানুহ আছিল। কিন্তু তেনে মানুহ বিৰল।

 সকলো মানুহৰে আখৰ একে নহয়। তোমালোক আটাইৰে আখৰ ভাল বুলি নকওঁ আৰু বেয়া বুলিও নকওঁ। কিছুমানৰ হয়তো ভাল। কিছুমানৰ হয়তো বেয়া। ভাল আখৰতকৈ বেয়া আখৰৰ সংখ্যাই সৰহ। হাতৰ আখৰ বুলিলে আমি ভাল বেয়া দুয়োবিধ আখৰকে বুজো। ভাল আখৰে ধৈৰ্য্য আৰু সৌন্দৰ্য্য বোধৰ পৰিচয় দিয়ে। সৌন্দৰ্য্য বোধৰ স্পৃহা সকলোৰে থাকিব লাগে।

 “ভাল হাতৰ আখৰ শিক্ষাৰ এটা প্ৰধান অঙ্গ।” জাতিৰ পিতা মহা মানৱ