দৰে নওফেলে নিজকে নিজে বলকি থাকে। যিমানেই দিন যাবলৈ
ধৰিলে, নওফেলৰ জেদ্ দুগুণে বাঢ়িবলৈ ধৰিলে। পুৰস্কাৰ দুগুণে
বঢ়াই দি আকৌ প্ৰচাৰ কৰিলে। এইবাৰ চোৰ-ডকাইত দুশ্চৰিত্ৰ
মানুহৰ মাজত পুৰস্কাৰ ঘোষণা কৰা হ'ল।
অভাৱগ্ৰস্ত বহুত চৰিত্ৰহীন লোক আছে, যি বোৰে এনে প্ৰলোভন
জয় কৰা টান হ’ল। সেইবোৰে গোপনে হাতেমৰ অনুসন্ধানত
লাগি গ'ল।
এদিন কাঠকটীয়া বুঢ়া-বুঢ়ী এহাল হাবিত কাঠ কাটিবলৈ গৈছিল।
সিহঁতে হাবিত কাঠ কাটি আনি বজাৰত বেচি যি পায় তাৰেই জীৱিকা
নিব্বাহ কৰে। কিন্তু বুঢ়া-বুঢ়ীৰ দিনে দিনে বয়স বেচি হোৱাত
শৰীৰৰ বল শক্তিৰ নাটনি পৰিছে। গতিকে আগৰ দৰে কাঠ কাটিব
নোৱাৰি দুযো ভাগৰি পৰি মূৰে কপালে হাত দি এজোপা গছৰ ছাঁত
বহিছে। মূৰৰ ওপৰত যেন দুপৰৰ ৰ’দে জুই হে বৰষিছে। কাঠ
কাটোতে বুঢ়া-বুঢ়ীৰ জীউ যাওঁ যাওঁ যেন হৈছে। বুঢ়ীয়ে উশাহ কাঢ়ি
কাঢ়ি কবলৈ ধৰিলে,—“হায় প্ৰভু!! এনেহে কপাল লৈ আহিছিলোঁ;
দিনটো কাঠ কাটি কাটি পেট প্ৰবৰ্ত্তাইছিলোঁ; এতিয়া গাত বলো নাই-
কিযা হ’ল, পেট ভৰাযো খাবলৈ নেপাওঁ। ইয়াতকৈ মানুহৰ কপালত
আৰু কি দুখ হব পাৰে? শুনিছে ৰজা নওফেলে বোলে ঘোষণা
কৰিছে—যেয়ে হাতেমক ধৰিব পাৰিব, তাকে বোলে দহ হেজাৰ সোণৰ
মোহৰ দিব। হাতেমক যদি এই হাবিত পালোঁহেঁতেন ধৰি নি
ৰজাক দি টকাখিনি পালোঁহেঁতেন। জীৱনৰ শেষকাল খিনি সেই
টকাৰেই বহি খাব পাৰিলোঁহেঁতেন।
কাঠুৰীয়াই বুঢ়ীক হুকি মাৰি কলে—মনে মনে থাক হেৰ, মিছাতে
বলকি নেথাকিবি! তই এনেখন কপাল লৈ অহা নাই, হাতেমক ধৰি দি
দহ হেজাৰ সোণৰ মোহৰ পাবলৈ। এনে কপাল হবনে? কপালৰ
দুখ কোনে খণ্ডাব পাৰে?” বুঢ়াই দীঘল হুমুনিয়াহ এটা পেলালে।
ঠিক এনে সময়েতে পিচপিনৰপৰা কোনোবাই মাত লগালে—“ময়ে
১২