কৰিব। দেশৰ মানুহৰ ওপৰত তেওঁৰ হিংসা নাই যেতিয়া ৰাজ্য পালে
তেওঁৰ মানুহ বধ কৰিবৰ প্ৰয়োজন নেথাকিব, প্ৰজাৰ শান্তি হব।
গতিকে তেওঁ আঁতৰি যোৱাই উচিত। এই ভাবি তেওঁ নিজৰ দুখ-কষ্ট
লাঞ্ছনা সহ্য কৰাকে সৰোগত কৰিলে। মহাপ্ৰাণ হাতেমে ৰাজ্য,
ঐশ্বৰ্য্য, প্ৰাসাদ, সিংহাসন সকলো ত্যাগ কৰি নিশা অকলে ঘৰৰ
পৰা বাজ হ’ল। এটি পৰ্ব্বতৰ মাজৰ গুহাত লুকাই থাকিল। ইপিনে
নওফেলে কোনো বাধা নোপোৱাত হাতেমৰ ৰাজ্য সোমাই সিংহাসন
অধিকাৰ কৰি এমন দেশ অধিকাৰ কৰিলে। ৰাজ-ভাণ্ডাৰৰ ঐশ্বৰ্য্য
লুটি লৈ গ'ল।
কিন্তু হিংসুক পৰশ্ৰীকাতৰ নওফেলৰ প্ৰাণত জানো শান্তি আহিল?
হাতেম যে জীয়াই আছে! ৰাজ্য ধন লুটি ললে হয়, কিন্তু হাতেম
জীয়াই থাকিলে, হাতেমৰ গুণ গান গোৱাটো বন্ধ নহব। হাতেমৰ
গুণ গান শুনা অসহ্য। নওফেলৰ নাম দেখোন কোনোৱেই নলয়,
মিছা হল। হাতেমৰ ৰাজ্য লুটি ললে কি হব? একো লাভ নাই।
হাতেমক লাগে; হাতেমক বধিবই লাগিব। নহলে শান্তি নাই,
ব্যক্তি নাই,—সুখ নাই; হাতেমক ধ্বংস কৰিবই লাগিব। বুকুত তাৰ
নৰকৰ জুই জ্বলিছে। হিংসুক নওফেলে প্ৰচাৰ কৰিলে—“যি লোকে
হাতেমক ধৰি আনি দিব তেওঁক পাঁচ হেজাৰ সোণৰ মোহৰ দিয়া হব।”
কিন্তু নওফেলৰ প্ৰচাৰ মিছা হল! দিন গ'ল, মাহ গ'ল, বছৰ
বাগৰি গ'ল; কিন্তু হাতেমক ধৰি অনা দূৰৰ কথা তেওঁৰ বাতৰিও
কাৰো মুখৰপৰা শুনা নগল। প্ৰেমৰ গুণেৰে ৰাইজৰ হৃদয় জয়
কৰি থৈছে হাতেমে; এনেজন প্ৰিয় মহাপুৰুষ হাতেমৰ কোনে সন্ধান
দিব? নওফেলৰ বুকুত হিংসাৰ জুই দুগুণে জ্বলিবলৈ ধৰিলে।
মনে মনে নিজকে ধিক্কাৰ দিবলৈ ধৰিলে।
হে হাতেম! তই পলাতক গৃহহীন; কিন্তু তথাপি তই
মোতকৈ ভাগ্যৱান। কেনেকৈ কি কৰিলে মোক সকলোৱে হাতেমৰ
দৰে ভাল পাব? কোনে মোক এই উপায় শিকাই দিব? বলিয়াৰ
পৃষ্ঠা:হাতেম তাই.djvu/৯৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
হাতেম তাই