‘‘বাদচা তৈমুছ এবাৰ চিকাৰলৈ যাওঁতে এডোখৰ বৰ ডাঙৰ
বহুমূলীয়া উজ্জ্বল হীৰা পালে। হীৰাডোখৰৰ মূল্যৰ আৰু সমগুণৰ
হীৰা পৃথিৱীত দ্বিতীয় আৰু নাছিল। সেই দুৰ্ল্লভ হীৰাখনি নিৰাপদে
থবলৈ তেওঁ এই ঐন্দ্ৰজালিক হামাম নিৰ্ম্মাণ কৰিলে আৰু সেই ভাটৌ
চৰাইটোৰ পেটত হীৰাডোখৰ লুকুৱাই থলে। ইয়াত তিনডাল কাঁড়
আছে। কোনোবা বীৰ পুৰুষে যদি এই কাঁড়েৰে এই ভাটো চৰাইটো
মাৰিব পাৰে তেনেহলে তেৱেঁই হব এই মহাৰত্নৰ অধিকাৰী। কিন্তু
ভাটেীটোক মাৰিব নোৱাৰিলে তেওঁ শিলা হৈ থাকিব।”
হাতেমে বুজিলে এই মহাৰত্নৰ লোভতে অসংখ্য মানুহৰ
আজি এই দশা। কিন্তু নানা বিপদসঙ্কুল পথ অতিক্ৰম কৰি
যে এইখিনি পাইছেহি, তেওঁ আৰু উলটিবৰ উপায় ভাবিব নেপায়।
গতিকে ঈশ্বৰক স্মৰণ কৰি হাতত ধেনুকাঁড় তুলি ললে। এপাট শৰ
মাৰিলে। শৰ লক্ষ্যচ্যুত হল। হাতেম আঠুলৈকে শিলা হ'ল।
মৃত্যু নিশ্চিত জানি পৰমেশ্বৰৰ চৰণত ভক্তিপূৰ্ণ ভাৱে হাতেমে
আত্মসমৰ্পণ কৰি দ্বিতীয় শৰপাট হাতত তুলি মাৰি পঠিয়ালে।
এইবাৰৰ ব্যৰ্থ হল। লগে লগে কঁকাললৈকে তেওঁ শিলা হল। আৰু
এপাট শৰ বাকী। এইবাৰ তেওঁ ব্যাকুল ভাৱে ঈশ্বৰৰ নাম লবলৈ
ধৰিলে—যাতে মৃত্যু সময়ত তেওঁ ঈশ্বৰৰ নাম মুখত থাকে। ঈশ্বৰৰ চৰণত
সকলো মন প্ৰাণ অৰ্পণ কৰি কলে—“হে প্ৰভু, হে খোদা! তুমি যি কৰা
সকলো মোৰ মঙ্গল।” তেওঁ শেষ শৰ নিক্ষেপ কৰিলে। এইবাৰ ভাটো
চৰাইটো মৰিল। নিমিষতে অদ্ভুত পৰিবৰ্ত্তন ঘটিল। হাতেমৰ স্থিৰ,
চকুত উজ্জ্বল সূৰ্য্যৰ পোহৰ পৰিলহি। মায়া “হামাম বাদগৰ্দ্দৰ চিন
চাব নোহোৱা হল–মাত্ৰ তেওঁ চকুৰ আগত দেখা পালে সূৰ্যৰ ৰশ্মি
পৰি মাটিত জ্বলি উঠিছে—দ্বিতীয় সূৰ্য্যৰ দৰে সেই মহা অমূল্য মাণিক
হীৰাখণ্ড। তেওঁ সেই মহামাণিক হাতত তুলি ললে। চাওঁতে চাওঁতে
শই শই ৰজা বাদচা আমীৰ ওমৰাহ লৰি আহি হাতেমৰ ভৰিত দীঘল
দি পৰিলহি। কলে-“হে মহাপুৰুষ! কোন আপুনি? আমাক উদ্ধাৰ
পৃষ্ঠা:হাতেম তাই.djvu/৯৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
হাতেম তাই