পৃষ্ঠা:হাতেম তাই.djvu/৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
৮৩
 

ভয়ানক ভয় লগা শব্দ হল। কেউপিনে আন্ধাৰ হৈ পৰিল। হাতেমে চকুৰে একো নেদেখা হল। অলপ পৰৰ পিচতে আকৌ সূৰ্য্য ওলাল। পোহৰ হৈ পৰিল। তেওঁ আচৰিত হৈ কেউপিনে চকু ফুৰাই চাই আৰু আচৰিত হল—মানুহজনো নাই চৌবাচ্চাও নাই, কেউপিনে বন্ধ। ওপৰত বহু ওপৰত সেই গম্বুজ জিক্‌ মিক্‌ কৰে জ্বলিবলৈ ধৰিছে। হঠাৎ হাতেমৰ ভৰিৰ তলৰপৰা পাতাল ফুটি হো হোৱাই পানী ওলাবলৈ ধৰিলে। লাহে লাহে হাতেমৰ কঁকাল, বুকু, ডিঙিলৈ তল গল; পানীয়ে নাক ছুলেহি। এইবাৰ মৃত্যু নিশ্চিত ভাবি হাতেমে ঈশ্বৰৰ নাম জপিবলৈ ধৰিলে। হাতেম ডুব গল। তেওঁ সাতুৰিবলৈ ধৰিলে, ওপৰলৈ ভাহি উঠিল। পানী বাঢ়ি বাঢ়ি ওপৰৰ গম্বুজ ছুলেগৈ। হাতেমে গম্বুজৰ চূড়াত ধৰি কোনোমতে উশাহ ললে। আকৌ বজ্ৰনাদ হল। হাতেমে ভয়তে চকু মুদিলে। তেওঁৰ অলপ পৰ মনত হল যেন তেওঁ মাটিৰ ওপৰত শুই আছে। তেওঁ ভয়ে ভয়ে চকু মেলি চাই দেখে যে পানীও নাই, গম্বুজো নাই তেওঁ এখন বহল পথাৰত শুই আছে। তিন দিন তিনি ৰাতি তেওঁ পথাৰ খনত ঘূৰি ফুৰিবলৈ ধৰিলে। শেষত এখন ধুনীয়া বাগিচাত ঘৰ এটা দেখা পাই সেই পিনে খোজ ললে। ঘৰটোত সোমোৱামাত্ৰকে তাৰ দুৱাৰখন জাপখাই গ'ল। ঘৰটো নাইকিয়া হ'ল। এখন হাবি পালেগৈ। হাবিখন ঘূৰি ফুৰোঁতে পকাফলবোৰ ওলমি থকা দেখি, ভোকত তত নোহোৱা হৈ সেই পকাফলবোৰ খাবলৈ ধৰিলে। যিমানেই খায় তিমানেই ভোক বাঢ়িহে যায়। শেষত খাবলৈ এৰি আগবাঢ়িল। আকৌ এটা ধুনীয়া অট্টালিকা দেখা পাই তাৰ দুৱাৰেদি সোমাই গ'ল। কি আচৰিত—প্ৰাসাদৰ ভিতৰখন শিলৰ মূৰ্ত্তিৰে পৰিপূৰ্ণ। মানুহবোৰ নানা সাজ-পাৰ পিন্ধা-- ৰজা মহাৰজা আমীৰ ওমৰা, সদাগৰ বাটৰুৱা নানা ধৰণৰ মানুহ; কিন্তু নিথৰ নীৰৱ শিলামুৰ্ত্তি। চাৰিওপিনে চকু ফুৰাই হাতেমে চাবলৈ ধৰিলে। হঠাৎ এটা জীয়ামাত কাণত পৰিল। ওপৰলৈ চাই দেখিলে সোণৰ সজাত এটা ভাটো চৰাই ওলমি আছে। সজাটোৰ তলত লিখা আছে ডাঙৰ ডাঙৰ আখৰেৰে–