পৃষ্ঠা:হাতেম তাই.djvu/৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
হাতেম তাই
 

 হাতেম আগবাঢ়ি গ'ল। দুৱাৰৰ ওপৰত এখন ফলিত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে,-“তৈমুছ বাদচাই যাদুৰ বলেৰে এই হামাম সাজিছে। ইয়াৰ ভিতৰ সোমালে কোনোৱেই বাহিৰ হব নোৱাৰে, চিৰ- জীৱন এই হামামতে অৱসান হব।” হাতেমে এখন্তেকৰ কাৰণে মনক স্থিৰ কৰি ললে। ঈশ্বৰৰ চৰণ চিন্তা কৰিলে আৰু দুৱাৰৰ ভিতৰেদি সোমাই গ'ল। দহখোজমান আগুৱাই গৈ পিচলৈ উলটি চাই দেখিলে, দুৱাৰ মানুহ একো নাই; সকলো অদৃশ্য হল। চাৰিওপিনে চকুত পৰালৈকে মাথোন বিশাল পথাৰ দেখিবলৈ পালে। হাতেমে ইফালে সিফালে ঘূৰি পকি বাট বিচাৰিবলৈ ধৰিলে। হঠাতে এজন মানুহ তেওঁৰ চকুত পৰিল। মানুহজন দেখি হাতেমৰ বৰ ভাল লাগিল। তেওঁ ওচৰ চাপি মানুহজনক “বাদগৰ্দ্দ হামামৰ” বাতৰি সুধিলে। মানুহজনে কলে- “আমি এই হামামৰ ৰখীয়া। মানুহক হামামত স্নান কৰাই পুৰস্কাৰ লওঁ।
 হাতেম:– তুমি থাকা ক’ত? তোমাৰ বাহিৰে আৰু কোনোবা চাকৰ আছেনে, অকল তুমিয়েই আছা?
 মানুহজন:– আছে, হামামৰ ভিতৰতেই আমাৰ ঘৰ-বাৰী আছে। আমাৰ একো দিনকৈ পালা পৰে। আহক আপোনাক স্নান কৰাই দিওঁ।
 চাকৰজনে হাতেমক লৈ গল। অলপ দূৰ গৈ প্ৰসাদৰ ৰঙা গম্বুজ চকুত পৰিল। বিস্ময়পূৰ্ণ ভাৱে চাই হাতেমে সুধিলে-“সৌযে তেজৰ দৰে ৰঙা মেঘত লগা সেইটো কি?”
 মানুহজন :—সেইটোৱেই হামাম ঘৰৰ গম্বুজ। তাৰ ঠিক তলতেই “বাদগৰ্দ্দ হামাম” স্নানাগাৰ। মোৰ লগত আহক” বুলি মানুহজনে হাতেমক হামামৰ পিনে লৈ গ'ল। হামামৰ দুৱাৰেদি দুয়োজনেই সোমাই গ’ল। সম্মুখত এটা প্ৰকাণ্ড শুকান চৌবাচ্চাত হাতেমক নামি যাবলৈ কলে। হাতেমে কাপোৰ কানি পাৰত সোলোকাই থৈ চৌবাচ্চাত নামিল। মানুহজনে তিনিঘটি তপত পানী আনি দিলে আৰু মূৰত ঢালিবলৈ কলে। হাতেমে সেইদৰে তপত পানী তিনি ঘটি মূৰত বাকিলে। লগে লগে সমুখৰ দুৱাৰখন সশব্দে বন্ধ হৈ গ'ল, এটা বজ্ৰধ্বনিৰ দৰে