পাতনি
১৯২১ চনৰ স্বাধীনতা আন্দোলনৰ প্ৰথম মুক্তিযুদ্ধ অসমত জগাই তোলে স্বৰ্গীয় পিতৃদেৱ কৰ্ম্মবীৰ নবীনচন্দ্ৰ বৰদলৈ দেৱে। কৰ্ম্মবীৰৰ উদ্দাত্ত আহ্বানত অসমৰ ইমূৰৰপৰা সিমূৰলৈ খলক লাগে, নিজে ওকালতি ত্যাগ কৰি স্বাধীনতাৰ বাণীৰে অসমৰ সুপ্তময় ধমনীত তপত তেজৰ সোঁত বোৱাই দিছিল কৰ্ম্মবীৰৰ প্ৰাণপৰশা ওজস্বিনী আহ্বানে। নিজৰ ঘৰ-দুৱাৰ ল’ৰা-ছোৱালী সকলে দেশৰ মুক্তিৰ কাৰণে জলাঞ্জলি দি কৰ্ম্মবীৰে নিজকে সম্পূৰ্ণ ভাৱে অহিংস মুক্তিযুজত সপি দি নিচেই অলপ দিনৰ ভিতৰতে অসম জুৰি তুমুল আন্দোলন গঢ়ি তুলিলে। কৰ্ত্তব্য সাধন কিন্তু শৰীৰ পাতন, এয়ে আছিল বৰদলৈৰ উদাৰ সৰল মনৰ মূল মন্ত্ৰ। পোনপটীয়া, স্পষ্টবাদিতা, সিংহৰ দৰে পৰাক্ৰমী নিৰ্ভীক মন, কৰ্ত্তব্যত অবিচলিত নিষ্ঠা, সত্যবাদিতা, পৰোপকাৰী কোমল প্ৰাণ, যি গুণত গুণমুগ্ধ জনমভূমি অসমে সসম্ভ্ৰমে নবীনচন্দ্ৰ বৰদলৈৰ নাম কৰ্ম্মবীৰ ভূষণেৰে ভূষিত কৰিলে। কৰ্ম্মক্লান্ত জীৱনৰ সামৰণিতো স্বৰ্গীয় বীৰপুৰুষ ভুলাভাই দেশায়ে নবীনচন্দ্ৰক জীৱনৰ শেষ সন্মানেৰে ভূষিত কৰিলে “অসমৰ মুকুটবিহীন সম্ৰাট”, যি উপাধি চন্দ্ৰ দিবাকৰ থকালৈকে ৺নবীনচন্দ্ৰৰ কীৰ্ত্তিৰাশিত চিৰ উজ্জ্বল প্ৰভা বিস্তাৰ কৰি থাকিব। অসমৰ তুমুল অহিংস যুদ্ধৰ সেনাপতি বীৰ নবীনচন্দ্ৰক ১৯২২ চনত বৃটিছ শাসকে কাৰাৰুদ্ধ কৰিলে। দীঘলীয়া ডেৰ বছৰ কাল কঠোৰ কাৰাবাসৰ ভিতৰত কৰ্ম্মবীৰে জিৰণি লোৱা নাছিল। কাৰা অৱসৰৰ সময় খিনিত চিৰ চেনেহী ভাষা-জননীৰ সেৱাত আত্মনিয়োগ কৰি সাতখন গ্ৰন্থ লিখি উলিয়ায়-কৃষ্ণলীলা ভক্তিমূলক নাটক আৰু চেক্সপিয়েৰৰ কেইবাখনিও নাটকৰ অনুবাদ কৰে। কাৰাবাসত থকা কালতে সহ কাৰাবাসী এজন সদাশয় মৌলবীৰপৰা বৰদলৈদেৱে