পৃষ্ঠা:হাতেম তাই.djvu/৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
৭৭
 

লাগিব। গতিকে মই কিছুমান চাকৰ বাকৰ লৈ আহোঁ। এইদৰে দৰিদ্ৰ হৈ যোৱাটো ভাল নেদেখি।”

 হাতেমে এই প্ৰস্তাৱত সন্মতি জনালে। তুফানীয়ে বায়ুবেগে আগ বাঢ়িল। প্ৰায় বাৰ হেজাৰ পৰী-সৈন্য লৈ সোনকালেই পালেহি। ধুমধামেৰে বাজনা বজাই সসৈন্যে দুয়ো আড়ম্বৰ কৰি আগ বাঢ়িল।

 পৰী ৰজাৰ ওচৰত কটোৱালে কোনোবা পৰী ৰজা সসৈন্যে যুদ্ধ কৰিবলৈ আহিছে বুলি জনালেগৈ। পৰী-ৰজাই এই বাতৰি পাই সৈন্যৰোধ কৰিবলৈ আদেশ দিলে। তুফানীৰ দূত গৈ বৰজখ ৰজাৰ সভাত তেওঁলোকৰ আগমনৰ বাতৰি বিবৰি কোৱাত ৰজাই সাদৰেৰে হাতেম আৰু তুফানীক আহ্বান কৰিলে। দুয়োদলৰ সৈন্যই ঢোল খোল বজাই নগৰ সোমালেহি। হাতেমে তুফানীক এৰি অকলেই ৰজাৰ লগত নিজৰ উদ্দেশ্য বিবৰি কলে। বাদচাহ বৰজখেও নিজৰ প্ৰতিজ্ঞাৰ কথা কলে “এই মুকুতাৰ ইতিহাস কব নোৱাৰিলে তোমাৰ অভিলাষ পূৰ্ণ নহব ডেকা। কিয় মিছাতে এনে কষ্ট কৰি আহিলা?” হাতেমে কলে—“বাদচাহজাদা! মই মুকুতাৰ ইতিহাস নজনাহেঁতেন ইমান কষ্ট কৰি ইয়ালৈ নাহো। মই মুকুতাৰ ইতিহাস কম; আৰু আপোনাকো অঙ্গীকাৰৰ দায় মুক্ত কৰিম। কিন্তু মই মুকুতাৰ ইতিহাস কলে বাদচাহজাদীক মই যাকেই দান কৰিব খোজো তেওঁকেই আপুনি অৰ্পণ কৰিব বুলি অঙ্গীকাৰ কৰিব লাগিব, যদি তেওঁ সুপাত্ৰ হয়। বাদচাহে এই কথা শুনি অতিকৈ আনন্দ পালে। পিচদিনা খুব ধুম ধামেৰে ডাঙৰ সভা পাতিলে। হাতেমে মুকুতাৰ বিবৰণ কৈ সকলোকে আচৰিত কৰি দিলে। তেতিয়া তেওঁ বাদচাহৰ আগত তুফানীক উপস্থিত কৰি কলে,-এই পৰী-ৰাজকুমাৰৰ হাতত আপোনাৰ অপৰূপা কন্যাক অৰ্পণ কৰক, বাদচাহজাদা এওঁ আপোনাৰ কন্যাৰ সম্পূৰ্ণ যোগ্য পাত্ৰ। বাদচাহে অতি আনন্দেৰে তুফানীৰ লগত বাদচাহজাদীক বিয়া মুকুতাটি যৌতুকত দিলে। তুফানীয়েও আগৰ চুক্তি মতে হাতেমক মুকুতাটি দি মনৰ আনন্দেৰে ৰাজকন্যাক লৈ নিজ দেশলৈ যাত্ৰা কৰিলে।