গলে দৈত্যৰাজ্যৰ মাজেদি পাৰ যাব লাগে। সিহঁতে ঈশ্বৰৰ নামে শপত খাই এই নিয়ম পালন কৰিছে। কোনোবাই নিয়ম ভাঙিলে তাৰ ৰক্ষা নাই, মৃত্যু অনিবাৰ্য্য। মানুহৰ তো সেই ঠাইলৈ যাবৰ কোনো উপায় নায়েই। দৈত্যৰাজ “কোফাক” অতি দুৰ্দ্দান্ত। তাৰ দেশৰ সীমা পাৰ হলেহে পৰীজাদা বৰজখৰ দ্বীপৰ সীমা পোৱা যাব।
চৰাইজনী :-হায়! তেনে এই পৰোপকাৰী ধাৰ্ম্মিক পুৰুষৰ কাম নহব নে কি? তেওঁক সহায় কৰা আমাৰ প্ৰধান কৰ্ত্তব্য।
চৰাই:- এৰা, তেওঁ ধাৰ্ম্মিক পুৰুষ, পৰোপকাৰী, তেওঁক সহায় কৰিবই লাগিব। উপায় এটা আছে। আমাৰ ৰঙা পাখি পুৰি তাৰ ছাই পানীত গুলি গোটেই গাত সানি ললে, তেওঁৰ ৰূপটো ঠিক দৈত্যৰ দৰে হব। গাত মানুহৰ গোন্ধ নোথাকিব, আৰু বনৰীয়া জন্তুবোৰো তেওঁক দেখি পলাই যাব। আকৌ যেতিয়া দৈত্য মুলুক পাৰ হব, তেতিয়া আমাৰ বগা পাখি পুৰি, ছাই গুলি গাত সানিলেই, তেওঁ নিজৰ ৰূপ পাব। এই উপায়েৰে হাতেম যাব পাৰিব। এই কথা কৈ চৰাইটোৱে বৰ জোৰকৈ গা কটালি দিলে। লগে লগে ৰঙা ৰঙা বহুত পাখি সৰি পৰিল। হাতেমে চৰাই হালৰ সকলো কথা শুনি আছিল। ঈশ্বৰক মনে মনে কৰজোৰ কৰি সেৱা জনাই, পাখিবোৰ বুটলি ললে। নিশাটো পৰোপকাৰী চৰাইহালৰ কথা ভাবি ভাবি গছৰ তলত কটাই ঢলপুৱাতে যাত্ৰা কৰিলে।
কিছুদিন গৈ গৈ এখন পাহাৰ পালেগৈ। ভোকে পিয়াহে অস্থিৰ হৈ খোৱা বস্তু পোৱা যায়নে নেযায় ইফালে-সিফালে চকু ফুৰোৱাত পাহাৰৰ মাজত এটি সুন্দৰ নিজৰা আৰু ‘মেওঁৱা' ফলৰ গছ দেখিবলৈ পালে। অলপ আগবাঢ়ি দেখিলে নিজৰাৰ পাৰত এডাল প্ৰকাণ্ড সাপ পৰি আছে। হাতেমে ভয় খাই পিচুৱাই আহিবলৈ ধৰিলে। কিন্তু কি আচৰিত, সাপটোৱে মানুহৰ ৰূপ লৈ মানুহৰ মাতেৰে মিনতি কৰি হামেক মাতিবলৈ ধৰিলে—“ডাঙৰীয়া! দয়া কৰি দুখীয়াৰ ঘৰত ভৰিধুলি পেলাই ধন্য কৰক।” হাতেমে সাপ-মানুহজনৰ
১০