তাৰে কণী এজোৰা পৃথিৱীত আছে। এটা আছে হাসনুবানুৰ হাতত। তাৰে ইটো বিচাৰি পঠিয়াইছে হাসনুবানুৱে হাতেমক।
চৰাইজনী:- ইটোনো কাৰ হাতত আছে?
চৰাই:-সেইবোৰ বহুত কথা—ভাগ্যবশতঃ “চামচাবাদচাহে” এই কণীটো ( মুকুতা) পাইছিল, তেওঁ আছিল অপুত্ৰক। তেওঁৰ ৰাজ্যধন সকলো মাটিৰ তলত পোত খাইছিল। সেইবোৰ ভাগ্যবশত হাসনুবানুৱে পালে। ইটো “ফাহৰমা” দ্বীপৰ জামজাহা বাদাচাহে প্ৰথমে পাইছিল। পিচত শত্ৰুৱে তেওঁৰ ৰাজ্য কাঢ়ি লোৱাত, তেওঁৰ গৰ্ভৱতী ৰাণীয়ে মুকুতাটো লৈ সাগৰৰ পাৰলৈ পলাই যায়। সেইপিনেদিয়ে “বৰজখ” সদাগৰ বণিজ কৰি আহোতে নিৰাশ্ৰয়া ৰাণীক পাই নিজঘৰলৈ লৈ আহি নিজৰ ছোৱালীৰ দৰে পালন কৰে। সময়ত সেই পুত্ৰটিয়েই সকলো ধন সম্পত্তিৰ অধিকাৰী হয়। সময়ত তেওঁ 'বৰজখৰ” সম্পত্তি আৰু মুকুতা পাই বৰজখ নগৰৰ বাদচাহ হয়। তেওঁৰ মৃত্যুৰ পিচত “হোছেন পৰীয়ে" মুকুতাটো হৰণ কৰে। বৰ্ত্তমান পৰীৰাজ্যৰ বৰজখ বাদচাহ “মহিয়াৰ চোলেমণি” সেই অমূল্য মুকুতাৰ অধিকাৰী।
চৰাইজনী :—কি হব তেনেহলে, কিয় দিব সেই অমূল্য মুকুতা পৰীজাদাই?
চৰাই:- ইয়াৰ উপায় আছে, ভয় নেখাবা। পৰীজাদাই প্ৰতিজ্ঞা কৰিছে, যিজনে এই মুকুতাৰ ইতিহাস কব পাৰিব তেওঁকেই তেওঁৰ ছোৱালীক বিয়াদিব, আৰু যৌতুকত এই অমূল্য মুকুতাটো দিব। কিন্তু সেই ঠাই অতি বিপজ্জনক। তালৈ যোৱা বৰ কঠিন কাম।
চৰাইজনী:- কেনেকুৱা? কোৱাঁচোন।
চৰাই:-শুনা—কওঁ, আগতে সেই ঠাইত দৈত্য আৰু পৰীৰাজ্যৰ সদায় যুদ্ধ হয়। কিন্তু চোলেমান বাদচাহে এই বিবাদ বন্ধ কৰি দিয়ে। কাৰণ দৈত্যৰাজ্য আৰু পৰীৰাজ্যৰ সীমা নিদ্ধাৰিত কৰি দিয়ে। আৰু কোনো কাৰো ৰাজ্যলৈ নেযাবলৈ বন্ধ কৰি দিয়ে। গতিকে পৰীৰাজ্যলৈ