পৃষ্ঠা:হাতেম তাই.djvu/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
৭১
 

আনিবলৈ পাচিলে। হাতেমে “মনিৰস্বামীক” দেখা কৰি ষষ্ঠ প্ৰশ্নৰ কাৰণে যাত্ৰা কৰিলে।

———

ষষ্ঠ প্ৰশ্নৰ সমাধান

 দহক্ৰোশ দূৰ খোজকাঢ়ি ভাগৰুৱা হাতেমে এখন মৰুপ্ৰান্তৰ পালেহি। গধুলি হ'ল, আৰু আগবাঢ়িবৰ উপায় নাই। গছৰ তলত এচটা শিল দেখি তাতেই বহিল। গছৰ ওপৰত সেই দিনা এজোৰ “নাটেকা” চৰাই আহি আশ্ৰয লৈছিল। চৰাইজোৰ বাস কৰে “কাহৰমা” সাগৰৰ পাৰত। চৰাই জোৰৰ গাৰ বৰণ সাতোটা। ৰামধেনুৰদৰে সাতবৰণীয়া এই চৰাইজোৰ দেখিবলৈ অতি আচৰিত আৰু ধুনীয়া। গছৰ তলত ভাগৰুৱা হাতেমক দেখি চৰাইজনীযে মাত লগাই চৰাইটোক হাতেমৰ কথা সুধিলে। চৰাইটোৱে কলে,—

 “শুনা! এওঁ পৰম ধাৰ্ম্মিক পুৰুষ। এওঁ “এমন” দেশৰ পৰম ধাৰ্ম্মিক ৰজাৰ ল'ৰা হাতেম। এওঁ এজন বন্ধুৰ কামত নিজৰ জীৱনক পদে পদে বিপন্ন কৰি কিমান যে দুৰূহ কামবোৰ সমাধা কৰি ফুৰিছে, তাৰ সীমা নাই। এনে সত্যবাদী, আত্মত্যাগী আৰু পৰোপকাৰী মহাপুৰুষ এওঁত বাজে আন এজন পৃথিৱীত আছেনে নাই সন্দেহ। এতিয়া এওঁ বন্ধুৰ প্ৰশ্নৰ উত্তৰত এটা আচৰিত মুকুতা বিচাৰি ফুৰিছে।” চৰাইজনীৰ মৰম লাগি কলে, “আই ঐ দেহি! তেওঁনো ক’ত মুকুতা বিচাৰি যাব?” চৰাইটোৱে কলে,-

 মই সকলো কথা কৈছো শুনা, এওঁ যি মুকুতা বিচাৰি ওলাইছে সেইবোৰ মুকুতা নহয়, আমাৰ পূৰ্ব্ব পুৰুষৰ “কণী” মাথোন। তিনি বছৰৰ মূৰে মূৰে আমাৰ বংশত কণীপৰা নিয়ম। কিন্তু কি কাৰণত নেজানো “সোলেমান বাদচাব" দিনৰপৰা আমাৰ কণী পৰা বন্ধ হৈ গ'ল। যিবোৰ কণী আছিল সাগৰে উটুৱাই নিলে। এতিয়াও