এখন কাঁহীত ৰুটি, মাংসৰ কাবাব আৰু পানীয় সজোৱা আছে। আনন্দ- মনেৰে ঈশ্বৰৰ কৃপা সুঁৱৰি আহাৰ পানী খাই দেহত অদ্ভুত শক্তি পালে। নাওখন বায়ু বেগেৰে খৰসোঁতত উটি যাবলৈ ধৰিলে। এসপ্তাহ কাল সাগৰত উটি উটি আৰু এখন সাগৰত পৰিলগৈ। সাগৰৰ ৰূপােৱালী পানীবােৰ জক্-মক্ কৰে জ্বলিবলৈ ধৰিছে। হাতেমে সাগৰৰ পানীত হাত জুবুৰিয়াই দিলে। কি আচৰিত হাতত ৰূপােৱালী বােল সনাৰ দৰে হাতখন গধুৰ আৰু ৰূপােৱালী হৈ পৰিল। সাগৰৰ পাৰ পাই চিন্তিত মনেৰে হাতেমে পাৰে পাৰে যাবলৈ ধৰিলে। আকৌ এখন সৰু নাও দেখা পালে। হাতেমে ঈশ্বৰৰ নাম লৈ আকৌ সেই নাৱত উঠিল। নাও- খনত আগৰ দৰেই এখন কাহীত সুগন্ধি হালুৱা আৰু পানী দেখি তেওঁ ঈশ্বৰৰ অপাৰ কৰুণা সুঁৱৰি, আহাৰ কৰি নাও খনত দীঘল দি শুলে। এইবাৰ নাওখন এঘাৰ দিন সমুদ্ৰৰ মাজত উটি উটি আকৌ এটা পাৰত লাগিল হি। হাতেম উঠি আকৌ পৰ্ব্বত পাৰ হৈ প্ৰান্তৰত আহি উপস্থিত হ’ল। কি আচৰিত পৰ্ব্বতৰ কাষত হেজাৰ বহুমূলীয়া হীৰা জহৰত, মণি- মুক্তা সিঁচৰতি হৈ পৰি আছে। তেওঁ বাচি বাচি বহু মণি-মুক্তা, হীৰা- জহৰত বান্ধি ললে! পিয়াহত তেওঁৰ অণ্ঠ-কণ্ঠ শুকাই গৈছিল ; অলপ দূৰৈত এটি নিজৰ দেখি তেওঁ হেপাহ পলুৱাই পানী খালে, হাত ধুলে। হাতৰ ৰূপালী বােল গ’ল, কিন্তু নখবােৰ ৰূপালী হৈয়েই থাকিল। হঠাৎ নিজৰাৰ পাৰত দুটা বিশালকায় মানুহ দেখা পালে। মানুহ দুজনে কলে “হাতেম! তুমি এইবােৰ পৰৰ ধন নলবা, পেলাই দিয়া।” হাতেমে তৎক্ষণাত পেলাই দিলে। মানুহ দুজনে দুখন সবাতােকৈ ডাঙৰ হীৰা পান্না হাতেমক উপহাৰ দি কলৈ “হাতেম! এই বাটেদি যােৱা, সােণৰ সমুদ্র পাবাগৈ। তাৰ পিচত অগ্নি-সমুদ্র পাবা, সেয়ে তােমাৰ শেষ পৰীক্ষা । তাৰ পিচত তুমি দেশ পাবাগৈ।” সেই বাটেদি গৈ হাতেমে সঁচাকৈয়ে সােণৰ সমুদ্র পালে। পানী সোণােৱালী। সেই পানীৰে মুখ ধুলে, হাতেমেৰ দাঁত সােণোৱালী হল। সাগৰৰ পাৰৰ গছ, শিল সকলাে সােণবৰণীয়া। এইবাৰ অগ্নি-সমুদ্র পাই হাতেম জহত
পৃষ্ঠা:হাতেম তাই.djvu/৭৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
৬৯