৬৮ | হাতেম তাই |
আগবাঢ়িবলৈ ধৰিলে। বহুদূৰ গৈ এখন মহা সাগৰ চকুত পৰিল। যিমান দূৰলৈ চকু যায় কেৱল সীমাহীন জল ৰাশিৰ উত্তাল তৰঙ্গমালা সাগৰ আকাশৰ লগত মিলি গৈছে। এইবাৰ হাতেম একেবাৰে নিৰাশ হৈ পৰিল। এই মহাসাগৰ পাৰ হব কেনেকৈ? আকৌ ধাৰ্ম্মিক ঈশ্বৰবিশ্বাসী হাতেমে ঈশ্বৰৰ চৰণকে সাৰ কৰিলে। কিছু পৰৰ পিচত এখন সৰু নাও ঢউৰ লগত নাচি নাচি আগবাঢ়ি অহা দেখিবলৈ পাই হাতেম অবাক হ’ল। নাও খন যেন পৰম ধাৰ্ম্মিক পৰমেশ্বৰে হাতেমক লৈ যাবলৈহে পঠিয়াইছে। আৰোহীহীন, নাৱৰীয়াহীন নাওখন আহি হাতেমৰ পিনে পাৰত লাগিলহি। হাতেমে ঈশ্বৰৰ চৰণত ভৰ কৰি নাও খনত উঠিল। উঠি আৰু আচৰিত হ'ল। নাও- খনত এটি সৰু খোটালী, তাত এখন কাঁহীত খোৱা আহাৰ পানী সজাই থোৱা দেখিবলৈ পালে। হাতেম তোক পিয়াহত অস্থিৰ হৈ আছিল। তেওঁ খাবলৈ আগবাঢ়ি আকৌ থমকি ৰ’ল। ভাবিলে—হয়তো নাৱৰীয়াই নিজৰ খাদ্য থৈ কেনিবা গৈছে। এই বস্তু খোৱা উচিত নহয়। এনেতে কোৱা শুনিলে- “হাতেম, সেইয়া তোমাৰ আহাৰ পানী, তুমি স্বচ্ছন্দে খোৱাঁ।” আহা! ঈশ্বৰ কিমান কৰুণাময়। তেওঁৰ অপাৰ মহিমা। তেওঁ ভক্তৰ কাৰণে অথাইসাগৰৰ মাজতো খাদ্য যোগাইছে। ঈশ্বৰৰ মহিমা সুৱৰি হাতেম খাবলৈ বহিল। তেওঁ ঈশ্বৰদত্ত আহাৰ খাই শৰীৰত নতুন বল পালে। নাওখন হঠাৎ বিপৰীত ঢৌৱে সাগৰৰ ভিতৰলৈ লৈ গ'ল আৰু উটি উটি গৈ সাগৰৰ পাৰৰ এখন চহৰৰ কাষত নাওখন থামিল গৈ। তেওঁ পাৰলৈ উঠিল আৰু বাট বুলিবলৈ ধৰিলে। তিন দিন গৈ এটা পৰ্ব্বত পালেগৈ; কিন্তু কি আচৰিত! পৰ্ব্বতটোৰ গাৰ পৰা তেজৰ নিজৰা বৈছে। শিল, পাথৰ, ধুলি সকলো তেজেৰে ৰঙা। তেজৰ পৰ্ব্বতৰ কাষে কাষে গৈ আকৌ সাগৰ পালেগৈ। সাগৰৰ পানী- বোৰো ৰঙা; কিন্তু কিছুদূৰ গৈ আকৌ এখন নাও হাতেমৰ চকুত পৰিল। এই নাওখনতো নাৱৰীয়া নাছিল। কিন্তু হাতেমে ঈশ্বৰ প্ৰেৰিত নাও বুলি নিৰ্ভয়ে উঠি দেখিলে যে, আগৰ দৰেই নাওখনত—