পৃষ্ঠা:হাতেম তাই.djvu/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
৬৭
 

ধৰিলে। শেষত সেই ওখ পৰ্ব্বতৰ চূড়াত এটা সুৰঙ্গ-পথ দেখা পালে। যাম সেই সুৰঙ্গ-পথেদি সোমাই গ'ল। লগে লগে হাতেমো সোমাই গ’ল। অলপ পিচতে এটা বিৰাট শব্দেৰে সুৰঙ্গৰ প্ৰৱেশ মুখখন জোৰা লাগি ওলোৱা বাট বন্ধ কৰি দিলে। চকু মেলি চাই হাতেমে দেখিলে এখন সেউজীয়া সীমাহীন অনন্ত প্ৰান্তৰ। সেই প্ৰান্তৰৰ মাজতে এটা ক'লা পাথৰৰ কবৰৰ দৰে চিন। চিনটো ঘোৰ কলা বৰণ। সেই ঠাই চকুত পৰা মাত্ৰকে যামে চকুৰ নিমিষতে হাতেমৰ হাতৰপৰা হাতখন এৰুৱাই নি দৌৰি গৈ সেই ক’লা চিনটোৰ ওপৰত শুই পৰিল; লগে লগে প্ৰাণ-বায়ু উৰি গল। ক্ষন্তেকতে এটা ভূমিকম্পৰ দৰে মাটি কঁপিবলৈ ধৰিলে আৰু সেই ক’লা চিন থকা ঠাইখনত ফাট মেলিলে। চাওঁতে চাওঁতে যামৰ দেহ সেই ক’লাচিন সকলো অদৃশ্যহৈ গ’ল, ক’তো চিন চাব এটাও নোহোৱা হৈ গ'ল। আকৌ কিবা যেন যাদু মন্ত্ৰৰ বলত সেই ঠাইতেই সেউজীয়া ঘাঁহনি বতাহত হালি জালি পৰিবলৈ ধৰিলে।

 হাতেমে বুজিলে এয়ে “ফোহেনবাদৰ” নেদাৰ পৰ্ব্বতৰ ৰহস্য। নেদা বাসীসকলে তেওঁলোকৰ পাৰ্থিৱ জীৱনৰ লীলা শেষ কৰি চিৰ অজ্ঞাত দেশলৈ যাত্ৰা কৰে এই পৰ্ব্বত পথেদি। হাসনুবানুৰ পঞ্চম প্ৰশ্ন সমাধান হৈ গল। এইবাৰ উলটিব লাগিব। কিন্তু বাট ক’ত? পৰ্ব্বত-সুৰঙ্গ ক’তো একো নাই। মাত্ৰ সীমাহীন অনন্ত প্ৰান্তৰে ধু-ধু কৰিছে। সেই বিশাল প্ৰান্তৰৰ শেষ ক'ত? কেনি যাব কোনে কৈ দিব বাটৰ সন্ধান? সাতদিন, সাত ৰাতি জনশূন্য, প্ৰাণীশূন্য সেই বিশাল প্ৰান্তৰত অনাহাৰে অনাই বনাই ফুৰি হাতেমৰ শৰীৰ অৱশ হৈ পৰিল, চকুৰে ধোঁৱা-কোঁৱা দেখিবলৈ ধৰিলে। মৰণ নিশ্চয় জানি এঠাইত বহি পৰিল আৰু ঈশ্বৰৰ চৰণ চিন্তা কৰিবলৈ ধৰিলে। যি কৰা তুমি কৰা প্ৰভু, মোৰ কোনো অস্তিত্ব নাই। কিন্তু অলপ পিচত দূৰৈৰ পৰা এটি মিঠা সঙ্গীতৰ সুৰ কাণত পৰিলহি। সেই সুৰৰ ধ্বনিত যেন শৰীৰত এটি বল আহিল, মনলৈ আশা আহিল। হাতেম সেই পিনে