পৃষ্ঠা:হাতেম তাই.djvu/৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
৬৫
 

পিচত এতিয়ালৈকে সেই ঠাইলৈ কোনো বিদেশী অহা নাছিল। “ফোহেনদা” পৰ্ব্বতলৈ অহাৰ কাৰণ কটোৱালৰ আগত হাতেমে বিবৰি কলে৷ তেতিয়া কটোৱালে কলে “হে মহাপ্ৰাণ আৰব যৱৰাজ! আপুনি সেই পৰ্ব্বতৰ ৰহস্য সন্ধান কেনেকৈ পাব? কিছুদিন এই নগৰত বাস কৰিলেহে সেই ৰহস্য বুজিব পাৰিব।”

 কটোৱালৰ সুবন্দৱস্ত পাই হাতেমে সেই চহৰত কিছুদিন বাস কৰিবলৈ ধৰিলে। ক্ৰমে ক্ৰমে বহুত লোকৰ লগত চা-চিনাকি আৰু বন্ধুত্ব গঢ়ি উঠিল। এদিন নিজৰ ঘৰত বহুত বন্ধু বান্ধৱৰ লগত কথা-বতৰা পাতি হাতেম বহি আছে, এনেতে হাতেমে সুধিলে-“সোঁ যে পৰ্ব্বতশাৰী, তাৰ ভিতৰত কোনটো ৰহস্যপূৰ্ণ নেদাৰ পৰ্ব্বত?” এজনে কলে—“সৌ যে ওখ টিলাটো মেঘ ছোঁ ছোঁ হৈ আছে সেইটোৱেই “নেদাৰ” পৰ্ব্বত।” কথাষাৰ শেষ হবলৈ নৌ পাওঁতেই পৰ্ব্বতৰ ভিতৰৰপৰা কাৰ যেন এটা ভীষণ চিঞৰ উঠিল। মানুহবোৰৰ কঁপনি উঠিল। হঠাতে এজন মানুহৰ মুখখন মৰাৰ দৰে শেঁতা হৈ পৰিল। সেই মুহূৰ্ত্ততে মানুহ জনে কাকো একো নোকোৱাকৈ বলিযাৰ দৰে উদ্ধশ্বাসে নেদাৰ পৰ্ব্বতৰ পিনে দৌৰিবলৈ ধৰিলে। ইবোৰ মানুহো সেই মানুহটোৰ পিচে পিচে দৌৰি যাবলৈ ধৰিলে। লগে লগে হাতেমো দৌৰিলে। হাতেমে এজনক সুধিলে-“কি হ'ল। কি কাণ্ড এইবোৰ?” মানুহ জনে কলে “আপুনি শুনা নাই জানো? সেই মানুহ জনৰ ডাক পৰিলত তেওঁৰ দিন শেষ হ'ল। যাৰ দিন শেষ হয়, আযুস শেষ হয়, সেয়ে এই মাত শুনে। এই মাত শুনিলে কানো ৰবৰ সাধ্য নাই। সি যাবই লাগিব।” “তেনে শব্দৰে-কোনে এইদৰে মাতে? পৰ্ব্বতৰ ভিতৰত কোন আছে?” মানুহজনে উত্তৰ দিলে “নেজানো, কোনেও নেজানে। যি জনৰ ডাক পৰে তেওঁৰ বাহিৰে আনে কব নোৱাৰে। কোনোবাই যদি পৰ্ব্বতৰ মাজত অদৃশ্য হৈ যোৱাৰ আগতে সেই মানুহজনক ধৰিব পাৰে, তেওঁহে কব পাৰিব।”