ৰাখিছে, তেওঁৰ কাম সিদ্ধি কৰিবলৈ। বাৰু তোক মই এটা ঈশ্বৰৰ মন্ত্ৰ শিকাই দিওঁ। যদি তই দেহে মনে সদায় পৱিত্ৰ হৈ থাকিব পাৰ আৰু কেতিয়াও মিছা কথা নকৱ, বেয়া ব্যৱহাৰ নকৰ, তেনেহলে এই মন্ত্ৰৰ বলত “সাহ আহমাৰ” যাদুকৰৰ সকলো যাদু মন্ত্ৰ নষ্ট হৈ যাব। সেই দুবৃত্তক সহজেই ধ্বংস কৰি এই নিৰপৰাধিনী ছোৱালীবোৰক উদ্ধাৰ কৰিব পাৰিবি। সংসাৰৰ মানুহৰ দুখ নিৰ্য্যাতন গুচুৱাই পিশাঁচৰ হাতৰপৰা মুক্ত কৰিব পাৰিবি। এতিয়া যা ঈশ্বৰৰ চৰণত আত্মসমৰ্পণ কৰি আগবাঢ়। ল এই লাঠী। এই লাঠীডাল হাতত লৈ যলৈকে যাবলৈ মন কৰ চকুমুদি মন কৰিলেই লাঠীয়ে তোক নিমিষতে সেই ঠাই পোৱাই দিব আৰু ৰক্ষা কৰিব।” ফকীৰ খন্তেকতে অন্তৰ্দ্ধান হল। হাতেমে ঈশ্বৰক স্মৰণ কৰি ভয়ঙ্কৰ যাদুকৰক বিনাশ কৰিবলৈ যাত্ৰা কৰিলে। শেষত হামিৰ পৰ্ব্বতৰ যাদুকৰক অতি কষ্টেৰে লাঠীৰ সহায়েৰে বধ কৰিলে। যাদুকৰৰ মৃত্যুৰ লগে লগে সকলো মায়াজাল খন্তেকতে ছিঙি গল। “জাৰিণপোষ” আৰু সুন্দৰী গাভৰুসকলে জীৱন লাভ কৰিলে। প্ৰাণদাতাৰ ওচৰলৈ লৰি আহি ভৰিত দীঘল দি পৰিল। শেষত নিৰাশ “জাৰিণপোষৰ” কোনো অভিভাবক নথকাৰ কাৰণে হাতেমে জাৰিণপোষক বিয়া কৰালে আৰু হাতেমৰ বুঢ়া পিতা-মাতাৰ ওচৰলৈ পঠিয়াই দিলে। কাৰণ হাসুন- বানুৰ চতুৰ্থ প্ৰশ্ন সমাধান এতিয়াও হোৱা নাই। কৰ্ত্তব্যপৰায়ণ হাতেমে এইবাৰ আগবাঢ়িল অনায়াসে লাঠীৰ সহায়ত। খন্তেকতে কোৰসদেশ পালেগৈ। পুৰণি চহৰলৈ গৈ এটা প্ৰকাণ্ড অট্টালিকাৰ সন্মুখত ৰলগৈ। সেই অট্টালিকাৰ বাটচ'ৰাত এই কথা কেইটা লিখি থোৱা আছে।
“সঁচা কথা কবলৈ সাহ আছে যাৰ
পৃথিৱীত কোনো ভয় নাইকিয়া তাৰ।”
হাতেমৰ ৰঙতে হিয়া নাচি উঠিল। তেওঁ অট্টালিকাৰ ভিতৰলৈ