কম্পমান। সেই ভয়ানক যাদুকৰে কিমান সুখৰ সংসাৰ পুৰি ছাই কৰি নিজৰ সুখ-সম্পত্তি কৰিছে তাৰ অন্ত নাই। কিন্তু তাৰ ছোৱালী সেই “জাৰিণপোষ” বৰ ধাৰ্ম্মিকা আৰু দয়াৱতী। তাই বাপেকে এই দৰে লোকৰ সৰ্ব্বনাশ কৰাত বাধা দিয়ে, আৰু বিপদগ্ৰস্ত মানুহবোৰক মুক্ত কৰিবলৈ সদায় যত্ন কৰে। এই কথাত বাপেকৰ খং উঠি তাইক আৰু তাইৰ সহচৰীবোৰক যাদু কৰি এনে দুৰাৱস্থা কৰি নিষ্ঠুৰ শাস্তি দি ৰাখিছে। ৰাতি হলে ভাল হয়, দিনত এই দৰে মূৰ ছিঙি গছত ওলমি থাকে। আটাইতকৈ সুন্দৰী জনীৰ মুৰটোৱেই “জাৰিণপোষ”ৰ মূৰ। কিন্তু যেয়ে সিহঁতৰ মূৰ ছুব, তাৰো সেইদৰে মূৰ ছিঙিব, এনে যাদুৰ মায়া।” এই কথা কৈ ফকীৰ অন্তৰ্দ্ধান হল। জাৰিণপোষৰ এনে দুৰ্দ্দশাৰ কাৰণ শুনি দয়ালু হাতেমৰ প্ৰাণ কান্দি উঠিল। যেনেকৈ হওক পিশাঁচ যাদুকৰৰ মায়াৰপৰা জাৰিণপোষক উদ্ধাৰ কৰিবলৈ প্ৰাণ যায় যদি যাওঁক তথাপি চেষ্টা কৰিবই। এনে প্ৰতিজ্ঞা কৰি হাতেমে আকৌ গছত উঠি সেই জাৰিণপোষৰ মূৰটো স্পৰ্শ কৰিলে! সেই মুহূৰ্ত্ততে হাতেমৰ মূৰটো ছিঙি গছত ওলমি পৰিল আৰু ধাৰাৰে তেজ ববলৈ ধৰিলে, গা ছোৱা তেজৰ সৰবৰত বুৰ গ'ল। আকৌ নিশা আহিল। সুন্দৰীহঁতৰদৰেই হাতেমৰ মূৰ সৰবৰত সৰি পৰা দেহৰ লগত জোৰা লাগিল। সুন্দৰীহঁতৰ সতে নাচ গান কৰি স্ফূৰ্ত্তি কৰিলে; কিন্তু মায়াৰ জালত পৰি হাতেমে পূৰ্ব্ব-স্মৃতি পাহৰি গ'ল। এইদৰে কিমান দিন যে গ'ল তাৰ ঠিকনা নাই। এদিন বুঢ়া ফকীৰ আকৌ ওলালহি। হাতেমৰ সেই দশা দেখি লাঠীৰে কোবাই মূৰটো পাৰি আনিলে আৰু সৰোবৰৰপৰা দেহটো তুলি আনি জোৰা দিলে। হাতেম জী উঠিল। বুঢ়া ফকীৰে পূৰ্ব্বৰ জ্ঞান সোঁৱৰাই দিলে। হাতেমৰ তেতিয়াহে তত, আহিল। ফকীৰৰ ভৰিত লুটি খাই পৰি প্ৰাণদাতাক আন্তৰিক কৃতজ্ঞতা জনালে। ফকীৰে কলে- “হাতেম! তই ঈশ্বৰৰ ভক্ত, পৰোপকাৰী। তোৰ জীৱন ঈশ্বৰেই
পৃষ্ঠা:হাতেম তাই.djvu/৬৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
৫৯