তিনদিন ঘূৰি ফুৰিলে। ক’তো বাট-পথ নেপাই মৰণ নিশ্চিত বুলি ভাবি ললে; আৰু এঠাইত বহি ঈশ্বৰৰ নাম জপিবলৈ ধৰিলে। অলপ পৰৰ পিচতে সেউজীয়া সাজ পিন্ধা বুঢ়া ফকীৰ এজন ওলালহি। হাতেমে সেই নিজান মৰুভূমিত বুঢ়া ফকীৰ জন দেখা পাই বৰ ভাল পাল। ফকীৰে সুধিলে-“কি দেখিলা? কি কৰিবা? কলৈ যাম বুলি ভাবিছা?” হাতেমে কলে-“য’ৰপৰা আহিছোঁ তলৈকে যাবলৈ ইচ্ছা কৰোঁ”। বুঢ়াই বলে—“বাৰু লাঠী ডাল ধৰি চকুমুদি থিয় হোঁৱা।” হাতেমে চকুমুদি লাঠীত ধৰাৰ লগে লগেই আকৌ সেই তেজৰ পুখুৰী পালেগৈ। আকৌ সেই গছত ওলোমা কটামূৰ, তেজৰ পুখুৰী দেখিলে। ফকীৰ অদৃশ্য হ’ল। হাতেমৰ বাৰে বাৰে এনে মায়াবাজীবোৰ দেখি খং উঠিল। এইবাৰ ৰাণীৰ মূৰটো গছৰপৰা ছিঙি আনো বুলি গছ ডাললৈ উঠি গ'ল। কিন্তু গছডাল বৰকৈ কঁপিবলৈ ধৰিলে। গছৰ মাজমান উঠোতেই ভয়ানক শব্দ কৰি গছডাল মাজে মাজে ফালি দুফাল হ’ল। গছৰ ফাঁটত হাতেম সোমাই পৰিল। এইবাৰ নিশ্চিত মৃত্যু ভাবি ঈশ্বৰক স্মৰণ কৰি হাতেমে গছৰ ফাটৰপৰা ওলাবলৈ প্ৰাণপণে যুজিবলৈ ধৰিলে; কিন্তু লৰচৰ কৰিবলৈকে গাত শকতি নোহোৱা হ'ল। এনেতে আকৌ সেই বুঢ়া ফকীৰ ওলাল হি। গছৰ ডালত টানকৈ লাঠীডালেৰে কোব এটা মাৰি দিলে, ফাঁট বহলহৈ গ'ল। হাতেমক হাতত ধৰি ফকীৰে উলিয়াই আনিলে, আৰু কলে “হেৰৌ মূৰ্খ ডেকা, সেই কটামূৰ ছিঙিবলৈ কেলেই গৈছিলি? এনে কাম কৰিবলৈ গলে তোৰ মৃত্যু নিশ্চিত।” হাতেমে কলে—“ফকীৰ চাহাব! সেই ৰাণীৰ মূৰটোৱে মোক যাদু কৰিছে। মই সেই মূৰটোৰ আকৰ্ষণ এৰাব নোৱাৰা হৈছো। এইবোৰ কি যাদু মোক কওক, মই অস্থিৰ হৈ পৰিছোঁ।” ফকীৰে কৰে -“শুন মই কওঁ। এই ঠাইৰ পৰা তিনি শ ক্ৰোশ দূৰৈত হামিৰ পৰ্ব্বতৰ ওপৰত “সাহ আহমাৰ” নামৰ ভয়ানক যাদুকৰ এটা আছে। তাৰ ভয়ত পৃথিৱী
পৃষ্ঠা:হাতেম তাই.djvu/৬৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
হাতেম তাই