পৃষ্ঠা:হাতেম তাই.djvu/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
৫৭
 

শেষত সোমাই আহিল ৰাণী। ৰাণী আহি সিংহাসনত বহিল। হাতেমে চিনিব পাৰিলে আটাইতকৈ ধুনীয়া মূৰটোৱেই ৰাণীৰ মূৰ। আৰু আন ধুনীয়া গাভৰুবোৰৰ মূৰবোৰই এই গাভৰুহঁতৰ মূৰ৷ হাতেম বিস্ময়ত স্বৰগ পৰা মানুহৰ দৰে থৰ লগিল। আকৌ দেখিলে—সেই কটা মূৰৰ গাভৰু সুন্দৰীবোৰে নাচ গান কৰি বাজনা বজাই উলাহত উৰুলিকৃত হৈ উঠিল। পিচত আকৌ খোৱাৰ আয়োজন। নানা তৰহৰ খাদ্য, ফল মূল মিঠৈ পোলাও পৰমান্ন৷ এজনীয়ে আহি হাতেমক খাবলৈ মাতিলে। হাতেমৰ ভয় আৰু বিস্ময়ত মুখৰ মাত হৰিল। হাতেমে একো নেমাতিলে। এবাৰ মাত্ৰ কলে—“তোমালোকৰ ৰাণীৰ ওচৰলৈ মোক লৈ গলেহে মই খাম।” কথাষাৰ কবলৈহে পালে, ইপিনে ভোজবাজীৰ দৰে অট্টালিকা, সুন্দৰী, গান-বাজনা নিমিষতে নাইকিয়া হ’ল। হাতেমে বিস্ময় মানি কেউপিনে চকু ফুৰাই দেখিলে - কেতিয়ানো পূবে ধলফাট দিছে কবই নোৱাৰে। আকৌ সেই তেজৰ পুখুৰীত কটা ওলোমা মূৰবোৰ, জৰ্ জৰ্ কৰি ধাৰাসাৰে তেজ বৰষি থকা আগৰ সেই বীভৎস দৃশ্য়! হাতেমে এই মায়া-ৰাজ্যৰ ওৰ নেপাই ঈশ্বৰৰ চৰণ চিন্তা কৰি সেই ঠাইতে বহি দিন কটালে। আকৌ সন্ধিয়া হ’ল। হাতেমে চকুমেলি চাই দেখিলে আকৌ আগৰ নিশাৰ দৰে অট্টালিকা, সুন্দৰী, গান-বাজনা, খোৱাৰ আয়োজন। আকৌ এজনী সুন্দৰী গাভৰুৱে হাতেমক খাবলৈ দিলে। হাতেমে অনুনয় কৰি কলে-ৰাণীৰ ওচৰলৈ নিবলৈ। সুন্দৰীয়ে ইঙ্গিতেৰে হাতেমক খাবলৈ কলে। হাতেমে এইবাৰ খালে। খাই উঠি সুন্দৰীৰ পাচ ললে। সুন্দৰী দৌৰি গৈ সেই সৰোবৰত জপিয়াই পৰিল। হাতেমেও সুন্দৰীক অনুসৰণ কৰি সৰবৰত জাপ দিলে। অলপ পিচতে হাতেমে ভৰিৰ তলত মাটিৰ পৰশ পাই চকু মেলি চাই দেখিলে এখন সীমাহীন মৰুভূমিত তেওঁ থিয়হৈ আছে। ক’ত অট্টালিকা, ক’ত সুন্দৰী, সকলো সপোন যেন লাগিল। মৰুভূমিৰ মাজত হাতেমে