আপোনাৰ ধন-সম্পত্তিৰ মোক যি ভাগ দিবলৈ ওলাইছে, সেই ভাগটো দুখীয়া দৰিদ্ৰক বিলাই দিলেই মই সন্তোষ পাম। অন্নহীনক অন্ন, বস্ত্ৰহীনক বস্ত্ৰ, গৃহহীনক গৃহ, আৰু ৰোগীক পথ্য শুশ্ৰুষাৰ ব্যৱস্থা কৰিলে আপুনি ঈশ্বৰৰ কাম কৰা হব। ঈশ্বৰৰ কৃপাত মনত আপুনি অপাৰ শান্তি পাব।” এইদৰে বুঢ়াক সান্ত্বনা দি বুঢ়াৰ ওচৰৰপৰা বিদায় লৈ হাতেমে আকৌ পৰীসকলৰ সাহায্য লৈ আকাশীপথেৰে উৰি আহি “সাহাবাদ” নগৰ পালেহি। পৰীসকললৈ অশেষ ধন্যবাদ জনাই জনাই হাতেমে পৰীসকলক বিদায় দিলে।
লাহে লাহে হাসনুবানুৰ প্ৰাসাদলৈ খোজ ললে। হাসনুবানুৱে হাতেমক অতি সমাদৰ কৰি ভ্ৰমণৰ কাহিনী শুনি বিস্ময় আৰু আনন্দত অভিভূত হৈ পৰিল। মনিৰক আলিঙ্গন কৰি হতেমে কুশল বাতৰি সুধিলে। হাসনুবানুক চতুৰ্থ প্ৰশ্নৰ উত্তৰ লাগে-কোৰম দেশত এজন মানুহ আছে:—
“সঁচা কবলৈ নাই যাৰ ভয।
পৃথিৱীত তাৰ কোনো নাই ভয়॥”
এই কথাষাৰ কৈ চিঞৰি থাকে—এই কথাষাৰ কৈ কিয় চিঞৰে তাৰ সম্ভেদ আনি দিব লাগে। হাসনুবানুৰ চতুৰ্থ প্ৰশ্নৰ অৰ্থ বিচাৰি হাতেম কোৰম দেশলৈ যাত্ৰা কৰিলে।
————
চতুৰ্থ প্ৰশ্নৰ সমাধান
কোৰম দেশৰ বাটত হাতেমে বহুত কষ্ট ভোগ কৰি যাওঁতে যাওঁতে এদিন এটা টকলা পাহাৰৰ ওচৰ পালেগৈ। পাহাৰৰ তলত এডাল বৰ ডাঙৰ গছ আছিল। সেই ঠাইলৈ লক্ষ্য কৰি হাতেমে যি ভয়ানক দৃশ্য দেখিলে, আতঙ্কত হাতেমৰ চকু মুদখাই গ'ল, চেতনা লোপ পালে। তেওঁৰ অলপ দূৰতেই পাহাৰৰ তলত এটা ডাঙৰ তেজৰ পুখুৰী।