পৃষ্ঠা:হাতেম তাই.djvu/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
হাতেম তাই
 

জন্তু হাতেমৰ ওচৰ চাপিব নোৱাৰিলে। হাতেমে মুকুতাৰ দৰে আচৰিত জহৰ-মহৰ হাতত লৈ নিৰ্ভয়ে আগবাঢ়িল।

 পৰীসকলো হাতেমৰ পিছে পিচে ভয়ে ভয়ে আগবাঢ়ি গল। অলপ দূৰ যাওঁতেই দেখিবলৈ পালে আগত দীঘল দীঘল ঘাঁহৰ মৰু গছৰ আগত জল্ জল্ কৰে একোটা “নুৰৰোজ”ৰ ফুল ফুটি উঠিছে। একোটা যেন তৰাহে জমকৈ জ্বলি উঠিছে, এনে তাৰ উজ্জ্বল পোহৰ। চাওঁতে চাওঁতে গোটেই মৰু প্ৰান্তৰত পোহৰৰ ঢৌ খেলিবলৈ ধৰিলে। পোহৰত হিংসুক বনৰীয়া জন্তুবোৰে মানুহৰ গোন্ধ পাই বলিয়া হৈ উঠিল। হাতেমে নিৰ্ভীকভাৱেৰে সেই বলিয়া জন্তুবোৰৰ মাজেদিয়েই আগবাঢ়ি গ’ল। তেওঁ সবাতোকৈ ডাঙৰ আৰু উজ্জ্বল তিনটা “নুৰৰোজ” ফুল ছিঙি ললে। পৰীবোৰে হাতেমৰ সাহ আৰু শক্তি দেখি বিস্ময় মানিলে। হাতেমৰ কাম শেষ হল। পৰীসকলে আকৌ হাতেমক উৰুৱাই “হামিৰৰ” ওচৰলৈ লৈ আহিল। তেতিয়া পুৱাৰ পোহৰত পাহাৰৰ চূড়াবোৰ তিৰবিৰাই উঠিছে। চৰাইবোৰে সাৰ পাই গান গাবলৈ ধৰিছে। হাতেম নামিল। বুঢ়াৰ পিঞ্জৰা নমাই বুঢ়াক উলিয়াই আনিলে আৰু সেই দেৱদুৰ্ল্লভ “নুৰৰোজ” ফুলৰ ৰস বুঢ়াৰ চকুত সানি দিলে। লগে লগে বুঢ়াই দৃষ্টি শক্তি ফিৰাই পাই আনন্দত চিঞৰি উঠিল, আৰু হাতেমৰ ভৰিত লুটিখাই পৰি কৃতজ্ঞতাৰে ভৰিত চুমা খাবলৈ ধৰিলে। “তুমি দেৱতা, হে মহাপ্ৰাণ! তুমি মোৰ সকলো সম্পত্তিৰ আধা লোৱাঁ; মই তোমাক কি দিম আৰু।” হাতেমে কলে-“বুঢ়া আপ! মই অৰ্থৰ লোভত আপোনাৰ কাম কৰা নাই। ঈশ্বৰে মোক মই পাব লগা খিনিতকৈয়ো সৰহ ধন-সম্পত্তি দিছে। তেওঁৰ কৃপাত যে মই আপোনাক আৰোগ্য কৰিব পাৰিলোঁ এয়ে মোৰ মহাধন। এয়ে মোৰ অমূল্য পুৰস্কাৰ। মানুহক ঈশ্বৰে যি বুদ্ধি আৰু শক্তি দিছে, সেই বুদ্ধি আৰু শক্তি ঈশ্বৰৰ স্ৰজন। এই সুন্দৰ পৃথিৱী খনিক সৰ্ব্বতোভাৱে সুন্দৰ কৰি তুলিবলৈ চেষ্টা কৰাই মানুহৰ কৰ্ত্তব্য। মই মাথোন ঈশ্বৰৰ আদেশ মতে সেই কৰ্ত্তব্যহে কৰিছোঁ।