তোৰ ভাল কৰিছিলোঁ আৰু তই মোক মাৰি-কিলাই চকু কণা কৰিবলৈ বিচাৰিছিলি। সেই বেয়া তোৰ আগেয়ে হ’ল। অনুতাপ কৰ, প্ৰায়শ্চিত্ত কৰ পাপী!” বুঢ়াই আকৌ কপালত চাপৰ মাৰি কান্দি উঠিল। বুঢ়াই আকৌ কবলৈ ধৰিলে,—“জ্যোতিষীৰ ভৰিত পৰি মই কান্দিবলৈ ধৰিলোঁ; তেতিয়া তেওঁ কলে সদায় নিজ পাপৰ বাবে অনুতাপ কৰি কৰি ঈশ্বৰত ওচৰত ক্ষমা বিচাৰি কান্দিবি। তেতিয়া ঈশ্বৰে তোক আৰোগ্যৰ উপায় দিব। এই পাহাৰৰ সিফালে হামিৰা মৰুভূমিৰ মাজত নিতো দুপৰ নিশা “নুৰৰোজ” ঘাঁহৰ ফুল ফুলে। সেই ফুলৰ ৰস আনি যদি কোনোবাই তোৰ চকুত সানি দিব পাৰে, তেতিয়াহলে তই আকৌ চকুৰে দেখিবি। তেতিয়াৰেপৰা নিজ পাপৰ শাস্তি এইদৰে ভুগি আছোঁ। কোনে মোক আনি দিব নুৰৰোজ ফুলৰ ৰস। কোন যাব সেই দুৰ্গম ঠাইলৈ। সেই মৰুপ্ৰান্তৰ ভয়ানক ঠাই। অসংখ্য হিংস্ৰ জন্তু ভৰা বিপদসঙ্কুল সেই ঠাইলৈ কোন যাব?” বুঢ়াই আকৌ কান্দে। হাতেমে বুঢ়াক সান্ত্বনা দি কয়—“ভয় নাই বুঢ়া আপ! আপুনি নিশ্চিন্ত হওক। যিমানেই বিপদ নহওক লাগিলে, মই গৈ ফুলৰ ৰস আনিম, ঈশ্বৰ মোৰ সহায় হব। তোমাৰ দুখ নুগুচোৱাকৈ মই দেশলৈ উভতি নেযাওঁ। ঈশ্বৰে মোক নিশ্চয় সহায় কৰিব।” এই কথা কৈ হাতেমে মৰুপ্ৰান্তৰলৈ যাত্ৰা কৰিলে। পৰী-ৰাণীৰ আজ্ঞামতে হাতেমক সহায় কৰিবলৈ ৰৈ থকা পৰীবোৰে হাতেমক সেই ঠাইলৈ লৈ যাবলৈ আগবাঢ়ি আহিলে। পৰীহঁতে হাতেমক আকাশীপথেৰে উৰুৱাই লৈ গ'ল—নিমিষতে মৰুপ্ৰান্তৰলৈ। হাতেমক মৰু প্ৰান্তৰত নমাই দিলে। হাতেমে কলে,—“পৰীসকল! তোমালোক অলপ দূৰৈত থাকিবা, মই মোৰ কাম শেষ কৰি আহি তোমালোকৰ সহায় লম হি।” তেতিয়া এন্ধাৰ হৈ আহিছে। কেউপিনে নানা বনৰীয়া জন্তুৱে খাওঁ খাওঁ মূৰ্ত্তি ধৰি হাতেমক খাবলৈ খেদি আহিল। কিন্তু ঈশ্বৰবিশ্বাসী পৰোপকাৰী হাতেমৰ হাতত কেইবাটাও ৰক্ষাকবচ আছে। ভালুকী সুন্দৰীৰ “জহৰ-মহৰ” সামাসৰ পৰীজাদাৰ জহৰ-মহৰৰ গুণত কোনো
পৃষ্ঠা:হাতেম তাই.djvu/৬৩
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
৫৩