হাতেমক পৰম শ্ৰদ্ধাৰে কবলৈ ধৰিলে - “আৰব যুৱৰাজ! আপোনাৰ মহত্ত্ব আৰু কীৰ্ত্তিৰ কথা এই সুদূৰ পৰী-ৰাজ্যও পাইছেহি। আপোনাক দৰ্শন পাই আমি ধন্য হলোঁ। মানুহে যে নিঃস্বাৰ্থ ত্যাগৰ আদশত দেৱতাতকৈয়ো শ্ৰেষ্ঠ হব পাৰে, এনে কথা কেতিয়াও ভবা নাছিলোঁ। আজিহে মানুহৰ মহত্ব বুজিলোঁ। আপোনাৰ দৰে যদি সকলো মানুহ হলহেঁতেন তেতিয়া হলে আমি পৰীবিলাক তো তুচ্চ, দেৱকন্যাসকলেও এনে মহৎ মানৱৰ পত্নী হৈ সেৱা কৰি ধন্য মানিলেহেঁতেন। আপুনি যদি সন্মত হয়, তেনেহলে আপুনি এই পৰী-ৰাজ্যৰ সিংহাসন গ্ৰহণ কৰক। আমি আপোনাৰ দাসীৰূপে চৰণ সেৱা কৰিম।” হাতেমে পৰী-ৰাণীক কলে—“ৰাণী! মই নিজৰ সুখ বিচাৰি অহা নাই। যি জন হতভগীয়াৰ দুখ মোচনৰ কাৰণে মই আহিছোঁ, সেই উন্মাদ যুৱকক আপুনি দেখা দি প্ৰাণ ৰক্ষা কৰিবলৈহে মই খাটিছো। তেতিয়াহে মই সুখী হম।” হাতেমৰ কথা শুনি পৰী-ৰাণী মুগ্ধ হৈ কলে- “ধন্য আপুনি মহাপ্ৰাণ। মানুহৰ মহৎ গুণৰ কথা বহুত শুনিছোঁ, পৰোপকাৰৰ কথাও বহুত শুনিছোঁ, কিন্তু এনে মানুহ আজি হে প্ৰথম চকুৰে দেখি ধন্য হলোঁ। যি জনে স্বৰ্গৰাজ্যৰ পৰীকন্যাৰ যাচি দিয়া প্ৰেম, স্বৰ্গ-সুখ হাতত পায়ো পৰৰ সুখৰ কাৰণে ত্যাগ কৰি পেলায়, দেৱতাসকলেও এনে সুখ সম্পদ ত্যাগ কৰিব নোৱাৰে। আপোনাক দেখি আজি মানুহৰ প্ৰতি মোৰ অসীম শ্ৰদ্ধা জন্মিছে। সঁচাকৈয়ে মানুহ দেৱতাতকৈয়ো মহৎ। আপুনি যি আজ্ঞা কৰে মই তাকে কৰিবলৈ সাজু। কিন্তু মই এতিয়া সেই ঠাইলৈ যাব নোৱাৰোঁ আৰু মানুহক বিয়াকৰোৱাত মোৰ পিতা-মাতাৰ সন্মতি নাই। গতিকে মই কি কৰিব পাৰোঁ কওক।” হাতেমে কলে— “আপুনি এবাৰ, মাথোন সেই যুৱকক দেখা দিয়ক। নহলে আজ্ঞা কৰক—মই তেওঁক লগত লৈ এই ঠাইলৈ লৈ আহোঁ।” পৰী-ৰাণীয়ে কলে- “বাৰু সেয়ে হওক। কিন্তু আপুনি দুখ কষ্ট কৰি যাব নেলাগে, মোৰ পৰিচাৰিকাবোৰে তেওঁক লৈ আহক গৈ।” ৰাণীৰ আজ্ঞা মতে পৰীবোৰে খন্তেকতে যুৱকক উৰুৱাই লৈ আহি পৰী-ৰাণীৰ আগত থিয় কৰালেহি!
পৃষ্ঠা:হাতেম তাই.djvu/৫৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
৪৯