পৃষ্ঠা:হাতেম তাই.djvu/৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
হাতেম তাই
 

আচৰিত হল। মাটিৰ তলত এখনি মনোৰম সুন্দৰ ঠাইত তেওঁ উপস্থিত হৈছেহি। কেউপিনে ধুনীয়া গছ-গছনি লতা গুল্ম ঠায়ে ঠায়ে মুকলি ঘাঁহনি যেন এখন নিজান গাঁৱলীয়া ঠাই। তেওঁ নিশাটো এটা লতা কুঞ্জৰ ভিতৰতে শুই কটালে। পুৱাতে উঠি তেওঁ ঠাইখন ভালকৈ চকু ফুৰাই চাবলৈ ওলাই আহিল। কেউপিনে ফুৰিবলৈ ধৰিলে। তেওঁৰ অলপ দূৰৈত এটি মনোৰম অট্টালিকা চকুত পৰিল। তেওঁ সেই পিনে আগবাঢ়িবলৈ ধৰিলে। অলপ পিচতে এজাক ধুনীয়া ছোৱালী লৰি আহি হাতেমক বেৰি ধৰিলে আৰ সুধিবলৈ ধৰিলে “হেৰ, তই ক’ৰ দুঃসাহসী মানুহ! তই ইয়ালৈ কেনেকৈ আহিলি? কোনে তোক বাট দেখুৱালে ক।” হাতেমে সাহেৰে উত্তৰ দিলে-“মোক ঈশ্বৰে বাট দেখুৱালে, আৰু কোনে বাট দেখুৱাব সুন্দৰীসকল। মই ঈশ্বৰৰ কামতেই তোমালোকৰ ৰাণীৰ লগত দেখা হবলৈ আহিছোঁ।” শুৱনী গাভৰু কিজনীয়ে নিজৰ ভিতৰতে কিবা আলোচনা কৰিলে আৰু কলে- “তুমি যদি ৰাণীক দেখা কৰিবলৈ আহিছা, এই দৰে তুমি যাব নোৱাৰিবা। যদি তোমাক হাত ভৰি বান্ধি বন্দী হিচাবে আমাৰ লগত লৈ যাবলৈ সম্মত হোৱা তেনেহলে সেই দৰে বান্ধি তোমাক ৰাণীৰ ওচৰলৈ নিব পাৰোঁ। হাতেম বন্দী হৈ যাবলৈ সম্মত হোৱাত, গাভৰু কেইজনীয়ে তেওঁক হাতে ভৰিয়ে বান্ধি ৰাণীৰ ওচৰলৈ লৈ গ'ল। গাভৰুহঁতৰ যুক্তি দেখি হাতেমে শলাগিলে! এজনী আগতে লৰি গ’ল খবৰ দিবলৈ। ৰাণীয়ে যেতিয়া শুনিলে এজন মানুহক পৰীহঁতে বন্দী কৰি অনাৰ কথা, তেওঁৰ ততালিকে সাত বছৰৰ আগৰ এজন মানুহৰ কথা মনত পৰিল। তেওঁ দিয়া প্ৰতিশ্ৰুতিৰ কথা পাহৰি যোৱাত তেওঁৰ বৰ লাজ লাগিল। পৰীহঁতে হাতেমক বন্দী কৰি ৰাণীৰ ওচৰত হাজিৰ কৰিলেহি।

 আলগুন পৰী ৰাণীয়ে বন্দী হাতেমৰ উন্নত সৰল উদাৰ মুখলৈ বহু পৰ থৰ লাগি চাই ৰল। পাচত অহাৰ কাৰণ সুধিলে। শেষত হাতেমে সকলো বৃত্তান্ত বিবৰি কোৱাত আলগুন পৰী ৰাণীয়ে নিজ হাতেৰে তেওঁ বান্ধ মোকোলাই দি আদৰ সাদৰ কৰি সিংহাসনত বহুৱালে আৰু