কৰি থকা দেখিবলৈ পালে।—“কলৈ গলা, আকৌ এবাৰ দেখা দিয়া
মই যে মৰিবলৈ ওলাইছোঁ। তোমাৰ নো দয়া নহয় নে?” এইদৰে
বিনাই বিনাই কান্দি থকা দেখি হাতেমৰ দয়ালু মন সমবেদনাত
কোমল হৈ গ'ল। ডেকাৰ ওচৰ চাপি কন্দাৰ কাৰণ সুধিবলৈ ধৰিলে।
কিন্তু ডেকা ইমানেই বিহ্বল যে হাতেমৰ প্ৰশ্নৰ কোনো উত্তৰ নিদিলে।
অৱশেষত ডেকাৰ হাত দুখনত ধৰি হাতেমে বৰ আদৰেৰ ডেকাক
বাবে বাৰে অনুৰোধ কৰিবলৈ ধৰিলে। কলে—“ভাই! তুমি মোৰ
কথাৰ উত্তৰ নিদিয়া কিয়? ময়ো তোমাৰ দৰে ঈশ্বৰৰ সৃষ্টিৰ মানুহ
নহওঁ জানো? মোৰ জানো প্ৰাণ নাই তোমাৰ দৰে। তোমাৰ
দুখত জানো মোৰ প্ৰাণত আঘাত নেলাগে? তেনে তুমি কিয় উপেক্ষা
কৰিছা? তোমাৰ মনৰ দুখৰ কথা মোক কোৱা ভাই। যেনেকৈ
পাৰোঁ মই তোমাৰ দুখ গুচুৱাম।” ইমান পৰৰ পিচত ডেকাজনে
হাতেমলৈ মুৰ দাঙি চালে আৰু সুধিলে—“কোন তুমি সদাশয় যুৱক?
মোৰ দুখৰ কথা শুনি তোমাৰ বাৰু কি লাভ?” হাতেমে কলে -
-“ভাই, তুমিও মানুহ, ময়ো মানুহ। মানুহ হলে মানুহৰ দুখ গুচুৱাব লাগে।
ঈশ্বৰৰ এয়ে অভিপ্ৰেত।”
ডেকাই কলে-“ভুল কৰিছা ভাই ভুল কৰিছা। কোনেও কাৰো মুখলৈ নেচায়। সকলো নিজৰ সুখত ব্যস্ত। এই ঠাইতেই আজি সাত বছৰ ধৰি ইনাই বিনাই বহি আছোঁ। কত জনে কত বাৰ কৌতুহল ভাৱে সুধিলে আৰু নিজ বাটেদি গুচি গ'ল, কোনেৱে মূৰ্খ বুলি গালি পাৰি গুচি গ'ল। এজনেও মোৰ অন্তৰৰ দুখ নুবুজিলে। তুমিও যোৱা যুৱক! মোৰ দুখৰ কাহিনী শুনিব নেলাগে।” কিন্তু হাতেমে নেমানিলে। কলে—“বিশ্বাস কৰা ভাই! সকলো আঁতৰি যাওক কিন্তু মই নেযাওঁ। মই মানুহৰ দুখ মোচনৰ প্ৰতিজ্ঞা লৈ ঘৰৰপৰা বাজ হৈছোঁ। এতিয়া তোমাৰ দুখ মোচনেই মোৰ প্ৰথম কাম হব। তোমাৰ দুখ মোচনৰ কাৰণে মই প্ৰাণ দিবলৈয় সাজু হৈ আছোঁ। ভাই। তুমি মোক অকপটে সকলো ভাঙি কোৱাঁ।”