পৃষ্ঠা:হাতেম তাই.djvu/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
হাতেম তাই
 

অশেষ পৰিশ্ৰমেৰে হাতেম গৈ ওপৰ উঠিল গৈ। ওপৰত উঠি কিছু দূৰ গৈয়ে দেখে অতি সুশ্ৰী পাখিলগা কিছুমান মানুহৰ নিচিনা জীৱ এখন বাগিচাত বহি আছে। ইহঁতেই পৰী আৰু পৰী ৰাজ্যৰ সীমা ৰক্ষক।

 হাতেমক দেখি সিহঁত খেদি আহিল আৰু কবলৈ ধৰিলে—“ই ইয়ালৈ আহিল কেনেকৈ! ই যে মানুহ।” তেতিয়া এটাই কলে “ৰজাৰ হুকুম-মানুহ ইয়ালৈ আহিলেই তাক শাস্তি দি মাৰিব লাগে।” তেতিয়াই সিহঁতে জুই জ্বলাই তাতে হাতেমক পেলাই দিলে। কিন্তু ভালুকী কুঁৱৰীয়ে দিয়া জহৰ-মহৰৰ কি আশ্চৰ্য গুণ যে হাতেম জুইত পোৰা নগল। হাতেমক জুইত পেলাই দি ৰখীয়াবিলাক গুচি গল। হাতেম তাৰপৰা ওলাই আকৌ যাবলৈ ধৰিলে। সেই পৰীদলে হাতেমক আকৌ দেখি এই বেলি একেবাৰে পানীত পেলাই দিলে। হাতেম উটি উটি যাওঁতে এটা ঘৰিয়ালে পাই তেওঁক গিলি থলে। জহৰ মহৰৰ গুণত হাতেম পেটত জীণ নগল। ইফালে পেটৰ ভিতৰত ভয়ানক গণ্ডগোল কৰিবলৈ ধৰাত পেটৰ বিষত ঘৰিয়ালে তৎ নেপাই হাতেমক বঁতিয়াই উলিয়াই দিলে। তাৰ পেটৰ পৰা ওলাই ভাহি ভাহি হাতেম গৈ এডোখৰ ঠাই পালেগৈ। তাতে উঠি কাপোৰ-কানি শুকুৱাই উৱাই ভালকৈ পিন্ধি তৰলৈ উঠি গল। তৰলৈ গৈ দেখে যে এটা পৰীজাদাই সেই ঠাই ৰক্ষা কৰি আছে। হাতেমক দেখি সি আচৰিত হল আৰু সুধিলে তেওঁ তালৈ কেনেকৈ আহিল। হাতেমে কলে-“এটা ঘৰিয়ালে তেওঁক গিলিছিল। সি তেওঁক বঁতিয়াই উলিয়াই দিলত উটি উটি গৈ সেইখিনি পালেগৈ।” হাতেমে পৰীৰখীয়াক কলে—“ভাই! পাচত যি কৰ কৰিবি সম্প্ৰতি মোক অলপ খাবলৈ দে। মই এতিয়া ভোকত মৰোঁ।” পৰীজাদাটোৰ এই কথাত মৰম লাগি হাতেমক নিজ ঘৰলৈ নি নানাৰকম মিষ্টান্ন খাবলৈ দিলে।

 হাতেমে পৰীজাদাক আন্তৰিক কৃতজ্ঞতা জনাই বিদায় লৈ উত্তৰৰ পিনে যাত্ৰা কৰিলে। হাবিয়নি এৰি এটি পাহাৰৰ তলত এজোপা গছৰ তলত এটি বৰ ধুনীয়া ডেকাই কৰুণ সুৰেৰ কান্দি কান্দি বিলাপ