হাতেম মেহেৰুশাহ পৰী ৰজাৰ মোহৰ
আনিবলৈ যোৱাৰ কাহিনী
তৃতীয় প্ৰশ্ন
হাতেমে মনে মনে শুনিলে যে দৈত্যৰ ৰজা ফৰোকাছ বাদচাহৰ ওচৰলৈ গলেই এই বিষয়ৰ সহায় আৰু সমাধান পাব পাৰে। ইয়াকে ভাবি পূৰ্বৰ সেই গাঁৱৰ ভিতৰেদি সোমাই ফৰোকাছ বাদচাহৰ ওচৰ পালেগৈ। বাদচাহে তেওঁক বৰ আদৰ কৰি ২|৩ দিন তাতে ৰাখিলে আৰু পাচত তেওঁৰ তালৈ পুনৰ উলটি যোৱাৰ কাৰণ সুধিলে। হাতেমে মেহেৰু পৰী ৰজাৰ হাতৰ জহৰ-মহৰ আনিবলৈ যাব বুলি কোৱাত ৰজাই তেওঁক বহুত বুজাই বৰাই নিৰস্ত কৰিবলৈ যত্ন কৰিলে। তেওঁ কলে সেই পৰীৰ ৰাজ্যলৈ কি দৈত্য কি মানৱ কোনো যোৱা একেবাৰে মানা। তাত সোমালেই মৃত্যু নিশ্চিত। হাতেমে কলে যে মৃত্যু হলেও আৰু এতিয়া উপায় নাই। তেওঁ প্ৰতিজ্ঞাত যেতিয়া বন্দী, যাবই এতিয়া ঈশ্বৰ মাত্ৰ ভৰসা। অগত্যা দৈত্যৰাজ ফৰকাছে” দৈত্য এটাক বাট দেখুৱাবলৈ লগত দি তেওঁক পৰী ৰাজ্যৰ ফালে পঠিয়াই দিলে।
দুয়ো গৈ গৈ বহুত দিনৰ মুৰত পৰীৰাজ্যৰ সীমা পালেগৈ। তেতিয়া লগৰীয়া দৈত্যটোৱে হাতেমক দূৰৰপৰা ঠাই ডোখৰ দেখুৱাই দি নিজে তাতে ৰল। আৰু সি কলে যে তেওঁ উলটি নাহে মানে বা তেওঁৰ সম্বন্ধে এটা নিশ্চিত বাতৰি নেপায় মানে ৰজাই তাক তাতে থাকিবলৈ কৈছে। তাক তাতে এৰি হাতেম অকলে আগবাঢ়ি গল। কিছুদূৰ গৈ দেখে—আগত অভেদ্য পৰ্বত শ্ৰেণী। তাৰ গছবিলাক আকাশলঙ্ঘী, বাট অতি সঙ্কীৰ্ণ আৰু দুৰ্গম। যি হওক অতি কষ্টে