পৃষ্ঠা:হাতেম তাই.djvu/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
হাতেম তাই
 

তেওঁ তৎক্ষণাৎ কুকুৰ ৰূপ হল আৰু তেতিয়াই টঙ্গনিয়াই তেওঁক ঘৰৰ বাজ কৰি দিলে। ঘৰৰপৰা ওলাই বজাৰৰ ফালে গলত বত বজাৰৰ কুকুৰবিলাকে তেওঁক বেঢ়ি ধৰি কামুৰিবলৈ ধৰিলে। তৎ নেপাই লৰি আহি এই হাবিত সোমাই ৰক্ষা পৰিল হয়, কিন্তু ভোকে পিয়াহে অচেতন হৈ তেওঁ কথমপিহে জীয়াই আছিল। এতিয়া তেওঁ হাতেমৰ ভৰিত লুটি খাই পৰি তেওঁক অসংখ্য ধন্যবাদ দিবলৈ ধৰিলে। হাতেমে “তেওঁৰ কোন দেশ” এই কথা সুধিলত তেওঁ কলে তেওঁ “সুৰত” চহৰৰ মানুহ। হাতেমে সুধিলে সেই চহৰৰ হৰিশ সদাগৰক তেওঁ চিনে নে নিচিনে। ডেকা জনে চিনো বুলি কলত তেওঁ তালৈকে যাব বুলি কৈ দুয়ো সেই ফালে বেগ দিলে। সুৰত চহৰ পায়েই তেওঁ হাতেমক নিজ ঘৰলৈ লৈ গল। হাতেমক বাহিৰত বহুৱাই থৈ তেওঁ মনে মনে ঘৰলৈ সোমাই গৈ দেখে যে তেওঁৰ ঘৈণীয়েক আৰু সেই গোলামটো একেখন বিছনাত শুই আছে। তেওঁ তৰোৱাল লৈ একে কোবে গোলামৰ মূৰটো ওফৰাই দিলে আৰু তেওঁৰ মূৰত মৰা গজালটো ঘৈণীয়েকৰ মূৰত মাৰি দিলে। ঘৈণীয়েক তৎক্ষণাৎ কুকুৰণী হল। তেতিয়া কুকুৰ জনীক ডোলেৰে বান্ধি থৈ তেওঁ বাহিৰলৈ আহি হাতেমৰ আগত সকলো কলে। হাতেমে মানুহ জনক বধ কৰাৰ বাবে বৰ দুখ কৰিলে। যি হওক তাতে এৰাতি থাকি পিচদিনা “ছৰাইখানাত” গৈ সদাগৰৰ ছোৱালীক দেখা কৰিলেগৈ। তাৰপৰা হৰিশ সদাগৰৰ জীয়েকক দেখা কৰি তাইৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰ দিলে আৰু সুধিলে যে আজি-কালিও সেই আওয়াজ “মই এনে কাম একো কৰা নাই যি আজি ৰাতি কামত লাগিলহেঁতেন” শুনে নে নুশুনে। বৰজখৰ জীয়েকে কলে যে আজি-কালি তেওঁ সেই আওৱাজ নুশুনে। তাৰ পাচত তৃতীয় প্ৰশ্ন মেহেৰুশাহ পৰী ৰজাৰ হাতত থকা জহৰ-মহৰটো আনি দিব লাগে।

 সেই চহৰত দুই এদিন থাকি হাতেমে পুনৰ ৰাৱণা হ'ল।