পৃষ্ঠা:হাতেম তাই.djvu/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
হাতেম তাই
 

অন্নহীন বস্ত্ৰহীন, গৃহহীন আছিল সকলোৰে অভাৱ পূৰণ কৰি দিলে আৰু আনো নানা পুণ্য কাম কৰি তেওঁৰ হাতত দিয়া সকলোখিনি ধন শেষ কৰি তাৰপৰা উভতিল। উভতি আহোঁতে বাটত পুনৰ “আদলাবাদত” সোমাই নিজৰ পৰিবাৰক চালে। দেখিলে তেওঁৰ এটি বৰ সুন্দৰ পুত্ৰ উপজিছে। কিছুদিন লৰা তিৰুতাৰ লগত তাতে থাকি তেওঁ পুনৰ তাৰ পৰা ৰাৱণা হল, আৰু যত ইউছুফৰ কবৰ আছে সেই খিনি পালেহি। তাত তিনিৰাতি থাকি আলেখ-লেখ চাই দেখিলে যে ইউচুফৰ প্ৰেতাত্মাই এতিয়া আনবিলাকৰ দৰেই খাবলৈ পায় আৰু সুখে আছে। হাতেমে তেওঁৰ লগত দেখা কৰিলত তেওঁ দুয়ো হাত তুলি হাতেমক আশীৰ্বাদ কৰিলে আৰু হাতেমৰ দ্বাৰাই যে তেওঁ কিমান সৌভাগ্যৱান হ’ল, তাকো কলে।

 তাৰ পাচত হাতেম ৰাৱণা হল। কিছু দূৰ গৈ এখন হাবিয়নি পালে। তাতে এজনী অতি নিঃকিন বুঢ়ী বহি থকা দেখা পালে। বুঢ়ীয়ে ভিক্ষা খুজিলত হাতেমে হাতৰপৰা আঙঠী এটা খুলি বুঢ়ীক দি গুচি গল। আঙঠী পায়ে বুঢ়ীয়ে গীত গোৱাদি গাবলৈ ধৰিলে।

 বুঢ়ীৰ গীত শুনি তাৰ চোৰ পুতেক সাতোটা কৰবাত লুকাই থকা ঠাইৰপৰা ওলাই আহি হাতেমৰ পাচে পাচে যাবলৈ ধৰিলে। হাতেমক সিহঁতে কলে সিহঁত কোনো ৰজাৰ তলত চাকৰি বিচাৰি যাব। হাতেমে লগৰীয়া পাই ভাল পালে। কিন্তু এডোখৰ নিৰ্জন ঠাইত সিহঁতে হাতেমক পিচ ফালৰপৰা ধৰি ছুৰীৰে কেটামান খোচ মাৰি এটা কুঁৱাত পেলাই দি তেওঁৰ মাল-বস্তু খিনি কাঢ়ি লৈ গুচি গল। হাতেমৰ পাগুৰিত থকা আশ্চৰ্য্য জহৰ-মহৰৰ গুণত হাতেমৰ ঘাঁবিলাক যোৰা লাগিল আৰু পানীৰ তলত পৰি থাকিও হাতেম নমৰিল। তাতে পৰি থাকোতেই হাতেমে দৈৱবাণী শুনিলে—“হাতেম এই কুঁৱাত বহুত ধন সোণ আছে। সেইবিলাক তোৰ, তই লব পাৰ।” হাতেমে খেপিয়াই চাই দেখে যে হয়। এনেতে দুটা মানুহ আহি কুঁৱাৰ সমুখত থিয় দি এডাল ডোল পেলাই দি হাতেমক