চিঞৰ বাখৰ কৰিবলৈ ধৰিলে। দাঁত চোবাই মুখ বিকটাকাৰ কৰি হাতেমক গালি পাৰিবলৈ ধৰিলে। এইৰূপে অলপমান সময় থাকি কুঁৱৰীযে হাতেমক তিনিটা প্ৰশ্ন সুধিলে।
১ম প্ৰশ্ন—সেই বিন্দু কি—যাৰ দ্বাৰাই জীৱ জন্তুৰ জন্ম হয়।
হাতেমেৰ উত্তৰ—“দৰিয়াৰে ইসৰাৰ” অৰ্থাৎ অনাদি যুগৰপৰা
প্ৰবাহমান জীৱন-সোঁতক “বিন্দু” বোলা হয়। যাৰ ৰূপ ৰেতঃ
স্বৰূপ। যি বিন্দুৰপৰা জীৱৰ উৎপত্তি হয়।
২য় প্ৰশ্ন—সেইটো কি গছৰ গুটি—যি সকলো ফলতকৈ মিঠা।
উত্তৰ—সংসাৰ গছত সেযে সন্তান স্বৰূপে প্ৰাসদ্ধ।
৩য় প্ৰশ্ন—সেইটো কি বস্তু যি সকলো জীৱ জন্তুকে খাই পেলায।
উত্তৰ—মৃত্যু। যি কাকো নেৰে।
উত্তৰ কেইটা শুনি কুঁৱৰী জনীযে তললৈ মূৰ কৰি কঁপিবলৈ ধৰিলে আৰু কিছু পৰৰ পাচত অজ্ঞান হৈ মাটিত পৰি গ'ল। সেই মুহূৰ্ততে অকস্মাৎ হাতেমে দেখে যে এটা ভয়ানক কাল-মূৰ্ত্তি সাপ ছোৱালীজনীৰ গাৰপৰা ওলাই হাতেমৰ ফালে ফণা তুলি আহিছে। হাতেমেও তৎক্ষণাৎ তেওঁৰ পাগুৰিৰ জহৰ-মহৰটো উলিয়াই হাতত লৈ সাপটো থাপ মাৰি ধৰিলে। জহৰ-মহৰৰ গুণত সাপে একো কৰিব নোৱাৰিলে। তাৰ পাচত এটা কলহত তাক ভৰাই মুখত ভালকৈ এটা সোপা দিলে আৰু ঘৰৰ মজিয়াখন খান্দি সাত হাত তলত কলহটো পুতি থলে। তাৰ পাচত নিজৰ আসনত গৈ বহিল। পুৱাই পুৱাই আহোঁতে কুঁৱৰীযে সাৰ পাই নিজ কোঠালীত এজন পুৰুষক বহি থকা দেখি সুধিলে—“হেৰা লাজহীন পুৰুষ, তুমি কোন? ইয়াত কেলেই বা বহি আছা?” হাতেমে কলে— “হেই লজ্জাহীনা! মই কোন ইমান সোনকালে পাহৰিলি নে?” কুঁৱৰী মনে মনে থাকিল। ৰাতি- পুৱালত ধায়ে আহি দেখে যে মানুহ জন জীয়াই আছে আৰু কুঁৱৰী পৰি আছে। কুঁৱৰীক সোধাত কুঁৱৰীয়ে কলে—“ধাই আই! আজি মোৰ গাটো পাতল পাতল লাগিছে আৰু মই যেন বৰ ডাঙ্গৰ বেমাৰৰপৰা