ধৰিলে যে সি নিৰুপায় হৈ ভয়ানক গণ্ডগোল আৰম্ভ কৰি দিলে। শুই থকা মানুহজন সাৰ পাই উঠিল আৰু তেওঁ হাতেমক কলে—“এইটো মোৰ পাইক ইয়াক এৰি দিয়া।” হাতেমে কলে যে যেতিয়ালৈকে সি সেই মানুহটোক এৰি নিদিয়ে, তেৱোঁ তাক নেৰে। এই কথা শুনি সাপটোৱে তাৰ মুনিবক সাৱধান কৰি দিলে যে এই মানুহ কম নহয়। ই সকলো ভেল্কি আৰু যাদু নষ্ট কৰিব। হাতেমে তাক সুধিলে যে সি কেনেকৈ তালৈ আহিল। মানুহজনে কলে যে এটা সাপে তাক তালৈ আনি এৰি থৈ গৈছে। আৰু কলে যে এই পৰি থকা আধামৰা মানুহ বিলাকেও কয় যে সিহঁতকো সেই সাপটোৱেই আনি আনি থৈ গৈছে। এইদৰে অসংখ্য মানুহ আগতে মৰি গৈছে আৰু ইহঁতো এতিয়া মৃত্যু মুখত। হাতেমে কলে—“আৰু ভয় নাই। সাপক মই বধ কৰিছো। তোমালোকে এতিয়া নিজ নিজ ঘৰলৈ যাব পাৰা।” বন্দী মানুহবিলাকে হাতেমক অসংখ্য আশীৰ্ব্বাদ দি আৰু প্ৰশংসা কৰি নিজ নিজ ঘৰৰ ফাললৈ খোজ ললে। হাতেমো চীন দেশৰ ফালে ৰাৱণা হল।
কিছু দূৰ গৈ এখন নগৰৰ দুৱাৰ পালেগৈ। দুৱাৰ পাৰ হবলৈ ধৰোতেই দাৰোৱানে হাতেমক যাবলৈ হাক দিলে। হাতেমে তাৰ কাৰণ সোধাত উত্তৰ দিলে যে এই নগৰলৈ কোনো বিদেশী মুনিহ মানুহ আহিলে প্ৰথমে ৰজাৰ লগত দেখা কৰি তাৰ পাচতহে যেনি খুচি তেনি যাব পাৰে। হাতেমে ইয়াৰ ৰহস্য সুধিলত কলে যে ৰজাৰ এজনী জীয়ৰী আছে। তাই কোনো নতুন মানুহ আহিলেই তাক তিনিটা প্ৰশ্ন সোধে। সেই প্ৰশ্নৰ জবাব দিব নোৱাৰা মানুহক প্ৰাণে মাৰে। বেচাৰা নিৰীহ মানুহবোৰ কোনো প্ৰতিশোধ নোলোৱাকৈ প্ৰাণে মৰে দেখি এই ঠাইৰ নাম “বেদাদ নগৰ”।
হাতেমে সেই প্ৰহৰীক লগত লৈ ৰজাৰ ওচৰলৈ গল। ৰজাই তেওঁৰ নাম সুধিলে। হাতেমে কলে যে তেওঁ “বিনি আদম” অৰ্থাৎ মানুহৰ পোৱালি। তেওঁৰ আন নামৰ কোনো দৰ্কাৰ নাই। তাৰ পাচত ৰজাক কবলৈ ধৰিলে—“হে ৰজা৷ ই আপোনাৰ কি দস্তুৰ যে আপোনাৰ ইয়ালৈ