হাতেমৰ চীন দেশৰ ফাললৈ গমন
বাটত যাওঁতে যাওঁতে হাতমে এঠাইত দেখিলে যে এটা মানুহে এটা কুঁৱাৰপৰা পানী তুলিবলৈ আৰম্ভ কৰিছে। নিজেই পানী তুলি খাবৰ মন কৰি হাতেমো ওচৰ চাপিল। এনেতে দেখে যে হাতীৰ শুঁৰৰ দৰে এটা সাপ কুৱাৰপৰা উঠি আহি মানুহটোক কঁকালত কামোৰ মাৰি ধৰি কুঁৱাৰ ভিতৰলৈ টানি লৈ গ'ল। দেখি শুনি হাতেম অবাক হল। তেওঁ ভাবিবলৈ ধৰিলে যে এনে কাম কেলেই হল। কৰুণাৰে তেওঁৰ মন ভৰি গল। ভাবিবলৈ ধৰিলে যে এই কুঁৱা বাটৰুৱাৰ। ঘৰত চাগৈ তাৰ লৰা-ছোৱালীবিলাকে বাপেকৰ অপেক্ষাত বহি আছে। হে প্ৰভূ, ই তোমাৰ কি মাযা এনে কাম মোৰ চকুৰ আগতে কেলেই ঘটালা। নিজকে নিজে তেতিযা ধিক্কাৰ দিবলৈ ধৰিলে ‘হাতেম তই আগতে চাই থাকিও যে বেচাৰাক সাহায্য কৰিবগৈ নোৱাৰিলি, তই শেষ বিচাৰৰ দিনা ভগৱানৰ আগত কি উত্তৰ দিবি।’ এই বিলাক ভাবি চিন্তি তেওঁ একেবাৰে কুঁৱাত জাপ মাৰি পৰিল। কুঁৱাৰ তললৈ গৈ গৈ যেতিযা মাটিত ভৰি লাগিল গৈ, দেখে যে সি কুঁৱাৰ তল নহয়— এখন মৈদান। যিমান দূৰলৈ চকু যায় কেৱল ফল ফুলেৰে সুশোভিত (জক্মক্) হৈ আছে। কিছু দূৰ গৈ এটা সুন্দৰ ঘৰ চকুত পৰিল। তাৰ মাজত দেখিলে যে এটি অতি সুসজ্জিত কোঠালীত বেলোনৰ তাৰ ওপৰত এজন দীৰ্ঘকায় পুৰুষ শুই আছে। হাতেমে ভাবিলে যে এওঁ সাৰপাই উঠিলেই এওঁৰ মুখেৰে সকলো বাতৰি পোৱা যাব। এনেতে দেখে যে সেই মানুহটোক মুখত লৈ সেই সাপটো সেইফালে আহিব লাগিছে। সাপটোৱে হাতেমক দেখা পোৱা মাত্ৰকে মানুহটোক এৰি হাতেমৰ ফাললৈ কোব ললে। হাতেমেও তাৰ মতলব বুজি তাৰ ডিঙিত এনে টেপা মাৰি