এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
হাতেম তাই
দিব পাৰে, তেতিয়া হলে সিহঁতৰ আৰু মোৰ দুখৰ ওৰ পৰিব।”
হাতেমে এই কথা শুনি কলে যে তেওঁ এই কাজ নিশ্চয় কৰিব। নকৰে যদি তেওঁ ত্বই বংশৰ মানুহেই নহয়। তাৰ পাচত তেওঁ ৰাতিটো তাতে থাকিল। ৰাতি দেখে যে ধৰ্ম্মাত্মাবিলাকে মহা আনন্দেৰে ৰাতি কটাব লাগিছে আৰু ই বেচাৰাই কান্দি-কাটি সময় কটাইছে। পুৱা হলত মৃতকৰ আত্মবিলাক পুনৰ নিজ নিজ কবৰলৈ সোমাই গল। হাতেমে তাৰপৰা যাত্ৰা কৰিলে।