পৃষ্ঠা:হাতেম তাই.djvu/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
হাতেম তাই
 

দিলে, কিন্তু কোনে সেই আৱাজ কৰে সেই সম্বন্ধে হাতেমক বিশেষ একো ক'ব নোৱাৰিলে। হাতেমে সেই গাঁৱত দুৰাতি থাকি শব্দ যি ফালৰ পৰা আহে সেই ফালে ৰাৱণা হ’ল। কিছু দূৰ গৈ এটা টিলাৰ তলত দুশ আৰোহী আৰু বহুত পদাতিক সৈন্য দেখা পালে। কিছুমান পৰ মনযোগ দি চাই থাকি তেওঁ উমান পালে যে এই পদাতিক বা অশ্বাৰোহী তাত একো নাই— তেওঁৰ ভ্ৰমহে মাথোন। সেই ঠাইত দেখিলে গোৰস্থান। তেওঁ ভাবিলে যে লোকৰ কৱৰ বা সমাধি। তেওঁ আন্দাজ কৰিলে যে আৱাজটোও ৰাতি হলে তাৰেপৰা আহে। তেওঁ তাতে বহি থাকিল। ৰাতি হলত দেখে এটা জীৰ্ণ কবৰৰপৰা এটা মানুহ ওলাই আহি সেই কবৰটোৰ ওপৰত বহিল। তাৰ পিন্ধা কাপোৰখন অতি দুৰ্গন্ধ আৰু ফটা; তাৰ গা মলিয়ন আৰু খহুলা। খাবলৈ তাৰ ওচৰত কিছু মলিয়ন পানী। তেওঁ আৰু দেখিলে যে আন আন কবৰবিলাকৰপৰাও একোটা একোটা মানুহ ওলাই আহি নিজ নিজ কবৰৰ ওচৰত বহিলহি। সিহঁতৰ পিন্ধনত সুন্দৰ সুন্দৰ কাপোৰ। শৰীৰত নানা ৰকম সুগন্ধি অনুলেপন সানি সুগন্ধিময় হৈ আছে। বহিছে মনসদৰ ওপৰত আৰু খাইছে অতি উৎকৃষ্ট লোভনীয় খাদ্য। আনবিলাক মানুহে সঙ্গীজনৰ ফালে কেৰাহি কৰিও চোৱা নাই। কিছুমান পৰ থাকি সেই মানুহজনে এটা দীঘল হুমুনিয়াহ ছাৰি চিঞৰ মাৰি কৈ উঠিল “আঃ! মই সেই কাম নকৰিলোঁ যি কামৰ ফল আজি ৰাতি কামত লাগিব পাৰে।” হাতেমে নিজৰ মন্দিলৰ (উদ্দেশ্যৰ) সীমা পালেহি দেখি ঈশ্বৰক অসংখ্য ধন্যবাদ দিলে। হাতেমে বহি বহি চাই আছে এনেতে দেখিলে যে প্ৰত্যেক জন মানুহৰ আগত একোখন থালত ক্ষীৰ আৰু নানা ৰকম সুখাদ্য আহি উপস্থিত হৈছে আৰু লগে লগে একো লোটা পানী। তাৰে ভিতৰত এজনে মাত লগালে যে যদি কোনো ইয়াত উপস্থিত তেওঁকো এই খাদ্যৰ ভাগ দিব লাগে। এজনে আহি হাতেমক মাতি লৈ গ'ল হি।


 মন্দিল—উদ্দেশ্য  মনসদ—দলিচা।