পৃষ্ঠা:হাতেম তাই.djvu/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
হাতেম তাই
 

শুনি হাতেমক বৰ আদৰ কৰিলে আৰু তেওঁৰ নিজৰ কথা কলে বোলে “হে মনিষ, ময়ো পেটৰ বেমাৰত বৰ দুখ পাইছোঁ! যি খাওঁ হজম নহয়—সদায় পেটৰ বেদনাত বিতত হৈ থাকে। তাৰে যদি কিবা উপায় কৰিব পাৰা, চোৱা।” হাতেমে কলে “স্বৰ্গদেউ, আপুনি ভোজন কৰিবৰ সময়ত মোক মাতিবচোন বাৰু, মই কি কৰিব পাৰোঁ চাম।” খাবৰ সময়ত হাতেমৰ ডাক পৰিল। তেওঁ গৈ দেখে নানান বস্তু ৰান্ধি ৰজাৰ আগত সজাই সজাই থৈ দিছে। পৰিচাৰকবিলাকে সেই বস্তু বিলাকৰ প্ৰতি লোলুপ দৃষ্টিৰে চাই আছে। হাতেমে গোটেইবিলাক খোৱা বস্তুকে ঢকাই পেলালে। আৰু কিছুমান পৰ এনেকৈ থৈ পুনৰ ঢাকনিবিলাক গুচুৱাই পেলোৱালে। দেখা গ'ল—খোৱা বস্তুবিলাকৰ ভিতৰত নানা ৰকমৰ পোক পিলপিলাই ফুৰিব লাগিছে। ৰজা আচৰিত হ'ল আৰু হাতেমক ইয়াৰ কাৰণ সুধিলে। হাতেমে কলে “স্বৰ্গদেউ! মানুহৰ নজৰতকৈ দেওসকলৰ নজৰ অতি প্ৰখৰ। আপোনাৰ এই খাদ্যবিলাক দেখি আপোনাৰ পৰিচাৰক দেওবিলাকৰ লোভ লাগে। কাজেই মুখ লগাৰ বাবে আপোনাৰ এনে গতি হয়। আপুনি আপোনাৰ খোৱা বস্তুবিলাক আদিৰ পৰা অন্তলৈকে ঢাকনিৰ তলত ৰাখিব আৰু খাওঁতে নিজে ৰন্ধা ঠাইৰ ওচৰতে খাব। আন একো কৰিব নেলাগে।” ৰজাই এই নিয়মেৰে দুই এদিন খাওঁতেই লাহে লাহে তেওঁৰ পেটৰ বেমাৰ ভাল হবলৈ ধৰিলে। আৰু কিছুদিনৰ মূৰত একেবাৰে আৰাম পালে। ভালহৈ উঠি ৰজাই। হাতেমক আলিঙ্গন কৰিলে আৰু কি লাগে সুধিলে। হাতেমে ক'লে—“স্বৰ্গদেউ! আপোনাৰ পোতাশালত বহুত মনিষ বন্দী হৈ আছে। সিহঁতক যেন মুক্তি দিয়া হয়।” ৰজাই তৎক্ষণাৎ হুকুম দিয়াই সিহঁতক অনালে আৰু বটা বক্‌চিচ্‌ দি তাৰপৰা বিদায় কৰি দিলে। ৰজাই তাৰ পাচত হাতেমক ক'লে যে তেওঁৰ আৰু এটা ইচ্ছা আছে—যদি হাতেমে সেই ইচ্ছা পূৰ কৰে।” হাতেমে সাধ্যমতে চেষ্টা কৰিবলৈ প্ৰতিজ্ঞা কৰিলত তেওঁ ক'লে যে তেওঁৰ