পৃষ্ঠা:হাতেম তাই.djvu/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
হাতেম তাই
 

 মোৰ এতিয়া তিনিটা অৱস্থা—১ম যথাসৰ্ব্বস্ব গল, ২য় লাজৰ সীমা নাইকিয়া হল, ৩য় প্ৰেমে মোৰ কলিজা থকা-সৰকা কৰি চালনীৰ দৰে কৰিব লাগিছে। এতিয়া মোৰ জীৱনত আৰু সকাম নাই যেন দেখোঁ।”

 সেই কথা শুনি হাতেমে তেওঁক নিৰ্ভয় দি মাল বস্তুও ফিৰৎ আনি দিব, কইনাকো লগ লগাই দিব—এই প্ৰতিজ্ঞা কৰি তেওঁক লগত লৈ সেই নগৰলৈ গললৈ। তাতে এটা আলহী-ঘৰত থাকি খাই বই জিৰাই শতাই সেই কইনা থকা ঘৰলৈ গৈ খবৰ দি পঠিয়ালে বোলে কইনাৰ বিয়াৰ বিষয় প্ৰাৰ্থনা কৰিবলৈ এজোৰা মানুহ আহিছে। তৎক্ষণাৎ ভিতৰলৈ মতাই নি হাতেমক কইনাই প্ৰতিজ্ঞাবদ্ধ কৰালে। হাতেমেও কইনাক প্ৰতিজ্ঞাবদ্ধ কৰিলে যে যদি তেওঁৰ প্ৰশ্নৰ মীমাংসা কৰি দিব পাৰে, তেন্তে তেওঁ কইনাক যাকে বিয়া কৰিবলৈ কয় তাকে বিয়া কৰাব লাগিব। কইনাও তাতে মান্তি হ'ল। তেতিয়া পূৰ্ব্বৰ প্ৰশ্ন তিনিটিৰ কথা কইনাই তেওঁক জনালে। হাতেমে তেতিয়া তাৰপৰা বিদায় লৈ লগত বাট দেখুৱা মানুহ লৈ গাঁতৰ ফালে বেগ দিলে। গাঁতৰ মুখ দেখুৱাই দি লগত অহা মানুহ- বিলাক উভতি গল আৰু হাতেম সেই গাঁতত সোমাই গল। অকাই পকাই গাঁতৰ মাজেদি সোমাই গৈ গৈ বহুত পৰৰ মূৰত অলপ পোহৰ দেখা পালে। আৰু কিছুদূৰ গৈ এখন বৰ ডাঙৰ পথাৰ পালে। কিছুদূৰ যোৱাৰ পাচত এদল মানুহ দেখা পালে। সিহঁত আচলতে মানুহ নহয় “দেও” হে। দেও বিলাকে তেওঁক লগ পাই ধৰি পেলালে আৰু তেওঁক মাৰি খাবৰ বন্দবস্ত লগালে। এটা দেওৱে কলে যে “ভাইহঁত মানুহৰ মঙ্গহ বৰ মিঠা আৰু উপাদেয়। ইয়াক আমি ৰজাৰ আগত হে দিব লাগে। আমি খালে ৰজাই দণ্ডিব।” এই কথা শুনি আনবিলাক দেওৱে হাতেমক এৰি দিলে বোলে আমাৰ আন কাম এৰি এতিয়া ইয়াক লৈ ৰজাঘৰলৈ যাব নোৱাৰোঁ।” মুকলি পাই হাতেম তাৰপৰা গৈ গৈ এখন গাঁও পালেগৈ। সেইখনো দেওৰে গাঁও।