পৃষ্ঠা:হাতেম তাই.djvu/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
২৫
 

ইয়াৰপৰা বাৰ ক্ৰোশ দূৰত থকা এখন নগৰত উপস্থিত হলোঁগৈ। তাতে এজন মানুহৰ ঘৰৰ বাৰান্দাৰ ছঁয়াত বহি জিৰণি লৈ থাকোতেই তেওঁৰ ঘৰৰ ভিতৰৰ ফালে চকু পৰিল। দেখিলোঁ যে এগৰাকী পৰীৰ দৰে গাভৰু সেই ঘৰতে্ ইফাল-সিফালকৈ ফুৰিব লাগিছে। মানুহক সুধি গম পালোঁ যে তেখেত এতিয়াও আবিয়ৈ। মোৰ প্ৰাণ মন সেই মুহূৰ্ত্ততে সেই ৰূপৱতী গাভৰুৰ চৰণত সমৰ্পণ কৰিলোঁ। শুনিলোঁ বোলে গাভৰু জনীয়ে তেওঁক বিয়া কৰাব খোজা মানুজনক তিনিটি প্ৰশ্ন সোধে। যেয়ে সেই তিনি প্ৰশ্নৰ মীমাংসা কৰিব পাৰিব, তাকে তেওঁ বিবাহ কৰিব। এই কথা শুনি মই সেই মানুহ জনৰ ঘৰলৈ গৈ বিয়াৰ প্ৰস্তাৱ কৰি পঠিয়ালোঁ। গাভৰুৱে মোক ভিতৰলৈ মাতি নি ক'লে যে আপুনি যদি নিজৰ প্ৰতিশ্ৰুতিত (কায়েম) থাকোঁ বুলি কথা দিয়ে, তেন্তে মই মোৰ প্ৰশ্ন তিনিটা আপোনাৰ আগত বয়ান কৰিব পাৰোঁ। তেওঁৰ কথা শুনি মই তেওঁ যি কৰে তাতে মাস্তি হম বুলি প্ৰতিজ্ঞা কৰিলোঁ। তেতিয়া তেওঁ তিনিটা প্ৰশ্নৰ কথা কলে। প্ৰশ্ন কেইটা এই—

 (১) এই নগৰৰ প্ৰান্তত এটা ভয়ঙ্কৰ গাঁত আছে। তাৰ যে অন্ত ক’ত কোনেও কব নোৱাৰে। তাৰ ভিতৰত কি আছে সেই খবৰ মোক আনি দিব লাগে।

 (২) ওচৰতে এখন হাবিত শুকুৰবাৰে ৰাতি সদায় আৱাজ হয়। কোনোবা এজনে কয় “মই এনে কাম কৰা নাই—যি কাম আজি ৰাতি মোৰ ব্যৱহাৰত আহে”।

 (৩) মেহেৰ পৰীশাহৰ হাতত জহৰমহৰ এটা আছে, মোক সেই জহৰ-মহৰটো আনি দিব লাগে।

 প্ৰশ্ন তিনিটা শুনিয়েই মোৰ ধাতু উৰিল। যি কাণ্ডজ্ঞান আছিল সিয়ো লোপ পালে। মই তেতিয়া তাৰপৰা উঠি আহিবৰ কাৰবাৰ কৰোঁতেই কইনা জনীয়ে বল কৰি নিজ মানুহৰ দ্বাৰাই মোৰ মালবস্তু কাঢ়ি ৰাখি মোক নগৰৰ বাজ কৰি দিয়ালে।

৪—