পৃষ্ঠা:হাতেম তাই.djvu/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
হাতেম তাই
 

ঘৰটি উজ্জ্বল হৈ উঠিল আৰু সুন্দৰীসকল দেৱালৰপৰা ওলাই আহি নানা ৰস ৰঙ্গ কৌতুকেৰে গান বাজনা কৰি কৰি নাচিবলৈ ধৰিছে। সিহঁতে হাতেমৰ আগত নানা ৰকম সুন্দৰ সুন্দৰ খাদ্য ফল মিঠাই আদি আনি দিবলৈ ধৰিলে। হাতেমে সেইবিলাক খাই বৰ সোৱাদ পায়, কিন্তু তেওঁৰ কোনোমতেই পেট নভৰে। এইৰূপে তিনি ৰাতি পাৰ হৈ গল। হাতেমে তেতিয়া ভাবিলে যে এই মায়াপুৰীত এই ৰকমে জীৱনভৰ থাকিলেও মুক্তি নহব; কাজেই ইয়াত অলপ উৎপাত নকৰিলে নহব। এইদৰে ভাবি তেওঁ এজনী তিৰুতাৰ হাতত ধৰি এটা বৰ আজোৰ মাৰিলে। সেই মুহূৰ্ত্ততে আন এজনীয়ে তেওঁক এনে গোৰ এটা মাৰিলে যে তেওঁ লাথি খাই মূৰ্চ্চিত হৈ পৰিল। জ্ঞান আহিলত চকু মেলি দেখে যে সেই সুন্দৰীবিলাকো নাই, সেই ঘৰো নাই, সেই বাগিচাও নাই; তেওঁ এখন ভয়ঙ্কৰ নিবিড় হাবিৰ মাজত পৰি আছে। হাতেমে মনে মনে ভাবিলে যে তেওঁ এইবাৰ “দশ্যে হাৱেদা” পালেহি। তেতিয়া তেওঁ উঠি ইফালে সিফালে ফুৰিবলৈ ধৰিলে। অলপমান পৰৰ পাচতে তেওঁৰ কাণলৈ এটা আৱাজ আহিল এবাৰ দেখিলোঁ, আকৌ এবাৰ দেখিবলৈ মন যায় ঐ।” তেওঁ বুজিলে এয়ে সেই মানুহ—যিজনৰ কথা হাছেন বানুয়ে প্ৰথম প্ৰশ্নত সুধিছিল। তেওঁ সেই মানুহজনৰ ওচৰলৈ গৈ দেখে যে দীঘল শুভ্ৰ ডৰীয়া পুৰুষ এজনে বহি সেইদৰে নিৰাশৰ বাণী শুনাব লাগিছে। হাতেমক দেখি সেই মানুহজনে সুধিলে “হে সুঠাম সুন্দৰ ডেকা, তুমি এই হাবিলৈ কৰপৰা আহিলা আৰু তোমাক লাগে কি?” হাতেমে উত্তৰ কৰিলে—“ডাঙৰীয়া! মই আপোনাকে বিচাৰি আহিছো। আপুনি নো দিনে ৰাতিয়ে কেলেই এনেকৈ চিঞৰি থাকে? আপুনি এনে কি দেখিলে যাক দেখিলে দ্বিতীয়বাৰ নেদেখিলে মন ব্যাকুল হয়।” মানুহজনে হাতেমক ওচৰত বহিবলৈ ক’লে। এনেতে সন্ধ্যা হল—দুখন ৰুটি দুই গিলাচ পানী আনি আগত এজনে থৈ গল। হাতেম আৰু সেই মানুহজনে তাকে খাই ভোক পিয়াহ নিবাৰণ কৰিলে। ৰাতি সেই মানুহজনে