মোৰ এই কথা কেইটা মনত ৰাখিবা। সেইখিনি পোৱাৰ পূৰ্ব্বেই যদি তোমাক কোনো সুন্দৰী তিৰোতাই হাতত ধৰি লৈ যায়, যলৈকে লৈ যায় তলৈকে যাবা। কিন্তু সাৱধান—তাইৰ বা আন কোনোৰে ভুবন মোহিনী সৌন্দৰ্য্যই যেন তোমাক মুহিব নোৱাৰে। ঈশ্বৰকে সদায় ভাবি থাকিবা আৰু শত প্ৰলোভনৰ মাজতো যেন মনলৈ কোনো কুভাব আহিব নিদিয়া। সাৱধান সিহঁতৰ হাতত নধৰিবা।” এই কথা কোৱাৰ পাচত দুয়ো খাই বৈ তাতে ৰাতি থাকিল। পুৱা হাতেম ৰাৱণা হ’ল। বহুত দূৰ যোৱাৰ পাচত হাতেমে এটা পুখুৰী দেখা পালে। পুখুৰীৰ পাৰত থিয় দিয়া মাত্ৰেই এজনী অতি সুন্দৰী তিৰুতা আহি তেওঁৰ হাতত ধৰি পুখুৰীৰ ভিতৰলৈ টানি লৈ গ’ল। পানীত পৰি তেওঁ চকু মুদিলে। বহুত পৰ গৈ গৈ মাটিত ভৰি লাগিলত চকু মেলি দেখিলে যে তেওঁ এখন বাগিচাত উপস্থিত হৈছেগৈ। তেওঁক যি জনে তালৈ নিলে তেওঁ তাৰপৰা আঁতৰি গ’ল। ফলত হাতেমে অকল- শৰে সেই বাগিচাৰ চাৰিওফালে চাই চাই ফুৰিবলৈ ধৰিলে। কিছু পৰৰ পাচত দেখে অসংখ্য অনুপমা সুন্দৰী-সাক্ষাৎ যেন অপেশ্বৰী হে, নানা সাজ অলঙ্কাৰেৰে সাজি-কাচি তেওঁক ধৰিলেহি। এটাইবোৰেই তেওঁক ধৰি টনা-টনি কৰিবলৈ আৰম্ভ কৰিলে। হাতেমে কিন্তু তললৈ যি মূৰ কৰি আছিল, তাৰপৰা মুখ বা চকু তুলি নেচালে। সুন্দৰী- বিলাকে তেওঁক টানি এটা বিচিত্ৰ ঘৰৰ ভিতৰলৈ লৈ গল। তাত কাৰু-কাৰ্য্য সমন্বিত নানা ৰত্নেৰে খচিত এখন আসনত তেওঁক বহুৱালে। তাৰ পাচত সেই সুন্দৰীবিলাক ঘৰৰ দেৱালৰ গাত সমান হৈ মিলি গৈ নক্সা লগা দি লাগি থাকিল। অলপ পৰৰ পাচতে দেখে তাৰে আটাইতকৈ সুন্দৰ ছবিটো দেৱালৰ গাৰপৰা ওলাই নাচি নাচি আকৌ হাতেমৰ ওচৰলৈ আহিল। ইয়াকে দেখি তেওঁ অবাক হল আৰু ঈশ্বৰক স্মৰণ কৰিবলৈ ধৰিলে। নাচনীজনী অতি সুন্দৰী—তাতে আৱ-ভাৱ কটাক্ষত মুনিৰো মন মোহে। কিন্তু হাতেমে তেওঁৰ মন ঠিক ৰাখিছিল। ৰাতি হলত দেখিলে—ঘৰত নানা ৰকম চাকিৰ পোহৰেৰে
পৃষ্ঠা:হাতেম তাই.djvu/৩১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
২১