পৃষ্ঠা:হাতেম তাই.djvu/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
হাতেম তাই
 

সেই দেশৰ ৰসুম (ৰীতি) অনুসাৰে বিবাহ কাৰ্য্য সম্পন্ন কৰা হল। হাতেম সেই ঠাইত অতি সুখেৰে ৰূপৱতী আৰু গুণৱতী ভাৰ্য্যাৰ সাহচৰ্য্যত কিছুদিন থাকিল। তাৰ পাচত এদিন ঘৈণীয়েকৰ আগত মনিৰ স্বামীৰ কথা আৰু নিজ প্ৰতিজ্ঞাৰ কথা কৈ তেওঁক এই বিষয়ে সহায় খুজিলে। পতিপ্ৰাণাই স্বামীৰ এই কথা শুনি তেখেতক সেই বিষয়ত সহায় কৰিবলৈ অঙ্গীকাৰ কৰি বাপেকক এই বিষয়ে জনালত ৰজায়ো এই বিষয়ৰ ভাৰ জীয়েকৰ গাতে দিলে। তেতিয়া ৰাজকন্যাই স্বামীক নিজ প্ৰতিশ্ৰুত কাৰ্য্য কৰিবলৈ বিদায় দিলে আৰু যাবৰ সময়ত এটা জহৰ-মহৰ তেওঁৰ পাগুৰিত বান্ধি দিলে। হাতেম তাৰপৰা ৰাৱণা হৈ গ'ল। কিছু দূৰ গৈ গৈ হাতেম এটা অজগৰৰ মুখত পৰিল গৈ। অজগৰেও আগতে তেওঁক পাই খপ কৰে গিলি থলে। গিলাৰ পাচত অজগৰৰ পেটত ইমান গোলমাল হবলৈ ধৰিলে যে তৎ নেপাই তেওঁক আকৌ বঁতিয়াই উলিয়াই দিলে। মুঠকথা—ৰাজকন্যাৰ জহৰ-মহৰে এইবাৰ হাতেমক ৰক্ষা কৰিলে। তাৰ পাচত হাতেমে গৈ গা-পা কাপোৰ কানি ধুই আকৌ যাবলৈ ধৰিলে। কিছুদূৰ যাওঁতেই হাবিৰ মাজতে ৰাতি হ'ল। তেতিয়া এজোপা গছৰ তলত তেওঁ শুই পৰিল। ৰাতিপুৱা সাৰ পাই উঠি দেখে যে এজন মানুহ তেওঁৰ ওচৰতে বহি আছে। উঠি নমস্কাৰ কৰিলত বহি থকা মানুহজনে সুধিলে—“বোপা, তুমি কোন? কলৈ যাবা?” হাতেমে উত্তৰ কৰিলে “মই এজন বাটৰুৱা। মই ‘দস্য হাৱেদালৈ যাম।” এই কথা শুনি মানুহজনে কলে যে “তুমি এই ইচ্ছা মনৰপৰা আতৰ কৰা। তালৈ গলে মানুহ ফিৰি নাহে আৰু ফিৰি আহিলেও সি বলিয়া হয়।” হাতেমে কলে যে তেওঁ মনিৰ স্বামীৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ; কাজেই তেওঁ যাবই লাগিব। ঈশ্বৰত ভাৰসা কৰি তেওঁ ওলাইছে, প্ৰভুৱে এতিয়া যি কৰে সেয়ে হব। তেতিয়া মানুহজনে তেওঁক এই বুলি সমিধান দিলে—“যদি নিতান্তই যোৱা, তেন্তে


 মনিৰ স্বামী—এজন ৰাজ কেঁৱৰৰ নাম।