ওচৰতে শিয়াল শিয়ালীৰ বাঁহ আছিল। সিহঁত কৰবাৰ পৰা আহি ধৰফৰাই থকা হাতেমক দেখিলেহি। শিয়ালীয়ে শিয়ালক কলে “আমি ইয়াত আৰু থকা উচিত নহয় কাৰণ ইয়াত মনিষ আহি ঠাই ললেহি।” শিয়ালে কলে এইটো “হাতেম তাই এওঁ থকাৰ পৰা আমাৰ কোনো অপকাৰ নহয়, কাৰণ এওঁ পৰম ধাৰ্ম্মিক মানুহ।” শিয়ালীয়ে শুধিলে “তুমিনো এইবিলাক জানিলা ক‘ত। শিয়ালে ক‘লে “বুঢ়া বুৰটিয়াৰ মুখে পূৰ্ব্বেই শুনিছোঁ যে অমুক তাৰিখে হাতেম তাই এই হাবিলৈ আহিব। সেই তাৰিখ আজি। এওঁ এখন দেশৰ ৰজা।” শিয়ালীয়ে শুধিলে “এওঁ যদি ৰজাই হয় তেন্তে এওঁৰ এই দশা হল কেনেকৈ।” শিয়ালে কলে “এওঁ মনিৰ স্বামীৰ কামৰ নিমিত্তে এইফালে আহিছে আৰু বাটত এজনী গাভিনী পহুক এটা বাঘে ধৰাত তেওঁ নিজৰ মঙ্গহে দি, সেই পহু জনীক ৰক্ষা কৰিছিল। সেই দেখি তেওঁ এনে দুঃখ পাইছে।” এই কথাশুনি শিয়ালী বৰ আচৰিত হল। নৰমনিষৰ ভিতৰতো যে এনে দয়ালু আৰু ধৰ্ম্মিষ্ঠ পুৰুষ থাকে এইকথা শিয়ালীয়ে ইয়াৰ পূৰ্ব্বে বিশ্বাস কৰিবই নোৱাৰিছিল। তেতিয়া শিয়ালীৰ মনত বৰ দয়া হৈ শুধিলে যে “এখন হাবিত “পৰিৰথ” নামে একৰকম চৰাই আছে। তাৰ মূৰটো মানুহৰ দৰে গাটো মৈৰাৰ দৰে। সৰবত খুৱাই দিলে সি জীয়াই থাকে। সেই চৰাইৰ মূৰৰ ঘিউ আনি এওঁৰ ঘাত দিলে ঘা ভাল হৈ একেবাৰে আৰোগ্য হব।” শিয়ালীয়ে শুধিলে “সেই বস্তুনো এতিয়া আনিব কোনে” শিয়ালে ক‘লে “যদি তই এওঁক ৰখি থাক তেন্তে ময়ে গৈ আনিব পাৰোঁ।” শিয়ালী মান্তি হলত শিয়াল গৈ গৈ এথন হাবিত “পৰিৰখ” চৰাই এটাক গছৰ তলত শুই থকা পালেগৈ। তাৰ মূৰটো তৎক্ষণাৎ চিঙ্গিলৈ আহিল। আহি দেখে যে শিয়ালীয়ে আহৰ বিহাৰ এৰি হাতেমৰ মূৰ শিতানত বহি আছে, আৰু তেওঁৰ কাৰণে এটা চৰাইকো আহিবলৈ দিয়া নাই। সেই চৰাইৰ মূৰৰ ঘিউ উলিয়াই তেতিয়া হাতে ঘাত লগাই দিলে। দেখোঁতে দেখোতে ঘা শুকাই উঠিল
পৃষ্ঠা:হাতেম তাই.djvu/২৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
হাতেম তাই