পৃষ্ঠা:হাতেম তাই.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
হাতেম তাই

শুধিলে—“বাটৰুৱা-সুন্দৰ-ডেকা। তুমি কোন আৰু ইয়াত বহি এইদৰে কেলেই হুৰাও ৰাওঁ কৈ কান্দি আছা? মই এমনৰ ৰজা মোৰ আগত তোমাৰ দুখৰ কথা কোৱা মই যথাসাধ্য তাৰ প্ৰতিকাৰ কৰিম। মনিৰ স্বামীয়ে কলে “মহাৰাজ! ময়ো এজন যুৱৰাজ কিন্তু মোৰ দুঃখ গুচাওঁতা ঈশ্বৰ ভিন্ন আৰু কোনো নাই। সম্প্ৰতি ঈশ্বৰো বিমুখ সেই দেখি কান্দি কাটিয়েই এই দেহা নষ্ট কৰিম। আপুনি নিজৰ কামত যাওক। এই হতভাগ্যৰ নিমিত্তে অকাৰণে ভাবিবৰ একো দৰ্কাৰ নাই।” হাতেম তাইৰ অজলা ডেকা জনক দেখি বৰ মৰম লাগিল। তেতিয়া তিনি সত্য কৰি কলে “বোপা মই সত্যে কৈছে তোমাৰ দুখ গুচাবৰ নিমিত্তে মই দৰ্কাৰ হলে প্ৰাণণা দিবলৈ সাজু আছোঁ। এতেকে কোৱা তোমাৰ কি হৈছে। মনিৰ স্বামীয়ে সকলো কথা ভাঙ্গি পাতি কলত দুয়ো পুনৰ “সাহাবাদলৈ” গল গৈ। সাহাবাদত” সেইদিনা থাকি হাতেম তায়ে হাসেনবানুৰ লগত কথা বতৰা হৈ এই ঠিক কৰিলে যে তেওঁ তেওঁৰ সকলো প্ৰশ্ন মীমাংসা কৰিব কিন্তু শেষত যাকে বিয়া কৰাবলৈ কব হাসেনে তাকে বিয়া কৰাব লাগিব। আৰু সম্প্ৰতি মনিৰ স্বামীক সাহাদাবাদৰ আলহি ঘৰতে তেওঁ উলিটি নহালৈকে থাকিবলৈ দিব। এই কথাত হাসেনবানু মাস্তি হল। আৰু মনিৰস্বামীক তাতে এৰি হাতেমতাই তাৰ পৰা নিজ ৰাজ্যলৈ উলিটি আহিল। নিজ ৰাজ্যৰ সকলো বন্দবস্ত কৰি হাতেম তাই তাৰ পৰা ৰাওনা হল।