এই ৰকমে নানা দেশৰ মানুহ আহি আহি উলটি গৈ নিজ নিজ দেশত হাসেন বানুৰ নানা গুণ আৰু ব্যৱহাৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে। সেই সময়ত "খাৰজম" নামে এখন ৰাজ্য আছিল। তাৰ ৰজা বৰ পৰাক্ৰমী আছিল। তেওঁৰ “মনিৰস্বামী” নামে এজন কোৱঁৰ আছিল। মানুহৰ মুখে ডেকা মনিৰ স্বামীয়ে এই খবৰ শুনি তেওঁৰ মন হাসেন বানুৰ প্ৰতি আকৃষ্ট হবলৈ ধৰিলে। সেই ৰাজ্যত এজন ভাল চিত্ৰকৰ আছিল। তাক মাতি মনিৰ স্বামীয়ে কিছু ধনদি কলে যে সাহাবাদৰ গৰাকী হাসেন বানুৰ নক্সা এখন মোক আনি দিব লাগে। চিত্ৰকৰ জনে এইকথা শুনি তাৰ পৰা ৰাওনা হৈ গল। গৈ গৈ সাহাবাদ পালে গৈ। তাত খাইবৈ উঠাৰ পাছত হাসেনবানুৰ লগত দেখা কৰিবলৈ গল। হাসেনবানুও পৰ্দ্দাৰ আৰৰ পৰা তেওঁৰ লগত কথা হবলৈ ধৰিলে। চিত্ৰকৰ জনে জনালে যে তেওঁৰ কিছুদিন হাসেন বানুৰ তলত চাকৰি কৰিবৰ মন। হাসেনবনুয়ে শুধিলে “তেওঁ কি কাম জানে।” চিত্ৰকৰে জনালে যে তেওঁ অতি নিপুণ চিত্ৰকৰ। হাসেনে এইকথা শুনি তেওঁক তাত কিছুদিন থাকিবলৈ ক‘লে। এদিন হাসেন বানুৰ নিজৰ এখন পট কৰোৱাৰ ইচ্ছাহল। চিত্ৰকৰক মাতি আনি ক‘লে মই তোমাক সাক্ষাতে দেখা নিদিলেও মোৰ এখন পট তুমি আঁকিব পাৰিবানে? চিত্ৰকৰ জনে কলে আপুনি আপোনাৰ ওখ বাৰান্দাৰ দেওয়ালৰ তলত এটা সৰু পুখুৰী কৰাই তাক পানীৰে ভৰ্ত্তি কৰাওক। মাজত পৰ্দ্দা দিব যেন আপোনাক দেখা নাপাও, কিন্তু আপোনাৰ ছায়াটো যেন সেই পানীত পৰে। তেনেহলেই মই আপোনাৰ অতি উত্তম পট আকি দিব পাৰিম।” হাসেনবানুৱে সেইদৰে বন্দোবস্তু কৰাই দিয়াত তেওঁৰ ছায়া চাই চিত্ৰকৰ জনে দুখন পট আকিলে। এখন নিজে লুকুৱাই ৰাখিলে বাকীখন হাসেনবানুক দিলে। পট পাই হাসেনবানু সন্তুষ্ট হৈ তেওঁক বটা বকসিস্ দি বিদায় দিলে
চিত্ৰকৰে পট নি মনিৰস্বামীক দিলত মনিৰস্বামীয়ে সেই পট দেখিয়েই মুৰ্চ্ছা গল। তাৰ পাছত উঠি মনে মনে ভাবিলে যে এই হেন নাৰী ৰত্ন