লাগি গ‘ল। নিজৰ থকা ঘৰটোও অতি উত্তম কৈ সজোৱালে। নানা ৰকম ধন, ৰত্ন, গছ, পান্নাৰ ফুল পাতেৰে (তেড়েন) চ‘ৰা ঘৰ (চোগল) বাটঘৰ সজাই অতিদিব্য চমৎকাৰ কৈ কৰোৱালে। ঘৰৰ ভিতৰত বিচিত্ৰ সিংহাসন পতাই শৰাইয়ে শৰাইয়ে নানা ধন-সোণ-ৰত্ন সজোৱাই থোৱালে। বাটে বাটে কাপোৰ পৰালে। বাট চৰাৰ পৰা সিংহাসনলৈকে বহুমূল্য “সননদ” পতোৱালে ৰাজ ভোগ্য, নানা ৰকম খোৱা বস্তু সংগ্ৰহ কৰি থোৱালে, যথা সময়ত ৰজা আহি নগৰ দুৱাৰত উপস্থিত হলহি, আৰু হাসেনবানুৱে নিজৰ সৈন্য সামন্ত লগতলৈ অতি আদৰেৰে আৰু সন্মানেৰে ৰজাক আগবঢ়াই আনিলেগৈ। ৰজাক যথাযোগ্য সম্মানেৰে ৰাজাসনত বহুৱাই বিনীত ভাবে তেখেতৰ চৰণ চুম্বন কৰি হাতযোৰ কৰি জনালে যে “স্বৰ্গদেউ বেটীয়ে যি ধন-ৰত্ন পাইছোঁ সকলো আপোনাৰ। এইবিলাক আপুনি গ্ৰহণ কৰি মোক কৃতাৰ্থ কৰক”। এইবুলি ৰজাক লগতলৈ সেই কুঁৱা কেইটা দেখুৱাবলৈ লৈ গলে। ৰজাই গৈ দেখে হীৰা, মুকুতা, সোণ, ৰূপেৰে কুঁৱা কেইটা ভৰপূৰ আৰু তাৰ জেউতিৰে ঠাই ডোখৰ উজ্জ্বল হৈ আছে। ৰজাই হাতেদি এমুঠি ৰত্ন তুলিবলৈ হাতখন কুঁৱাৰ মুখত লগোৱা মাত্ৰেই দেখে যে ধন ৰত্ন এটাইখিনি তৎক্ষণাৎ সাপ আৰু বিছাত পৰিণত হ‘ল। ৰজায় ভয়তে হাতখন কোচ খুৱাই আনিলে আৰু ভয়তে হাসেনবানুৰ মুখো কেহ ৰাজ বটা যেন সেঁতা পৰিল। অলপ পৰ থাকি ৰজাই ক‘লে “হাসেনবানু এই বস্তু ঈশ্বৰে তোমাকেহে ভোগ কৰিবলৈ দিছে কাজেই এই বস্তুত মোৰ লোভ নাই। ইয়াক তুমি নিজৰ বুলি যথা ইচ্ছা খৰচ কৰিব পাৰা। অলপ পৰ থাকি হাসেনবানুৰ আতিথ্যত পৰম প্ৰীত হৈ ৰজা নগৰলৈ উভতি গল।
হাসেনবানুৱে নতুন নগৰত এটা আলহি ঘৰ সজোৱালে আৰু বিদেশী কোনো মানুহ আহিলেই, তেওঁক সেই ঘৰত থৈ খুৱাই বুৱাই তেওঁৰ পদবী আৰু সন্মানৰ নিমিত্তে যিমানখিনি দিয়া উচিত সেই অনুসাৰে খৰচ পত্ৰদি বিদাই কৰে।
তেড়েণ—চ‘ৰাঘৰ, চোগল-বাট ঘৰ, সননদ—কাৰ্পেট দালিচা