পৃষ্ঠা:হাতেম তাই.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
 

লৈ চহৰৰ ফালে ৰাওনা হল। চহৰ পালত ৰজাৰ ওচৰলৈ খবৰ গল যে এটি অতি সুন্দৰ সদাগৰৰ লৰাই তেখেতৰ চৰণ দৰ্শন কৰিবৰ আকাঙ্খ কৰি দুৱাৰ মুখত ৰৈ আছেহি। এইকথা শুনি ৰজাই তেওঁক বৰ আদৰ কৰি ভিতৰলৈ নিবলৈ হুকুম দিলত ৰাজ কৰ্ম্মচাৰীসকলে বৰ আদৰেৰে তেওঁক ভিতৰলৈ আহ্বান কৰি লৈ গ’ল। ৰাজ সিংহাসনৰ ওচৰত থিয় দি ৰজাক নিয়ম মতে অভিবাদন নমস্কাৰ কৰাৰ পাছত হাসেনবানু বিনীত ভাবে হাতযোৰ কৰি থিয় দিলে। ৰজালৈ অনা ৰাজ ভক্তিৰ শৰাই ধন ৰত্নেৰে পৰিপূৰ্ণ কৰি সিংহাসনৰ তলত থৈ দিলে। ৰজাই তেওঁক সুধিলে যে, “তুমি ক’ত থাকা আৰু ইয়ালৈ কেলেই আহিছা। তোমাৰ নাম কি?” তেওঁ ক’লে মই অমুক সদাগৰৰ পুতেক। পিতা গৰ্দ্দিশ চহৰৰ পৰা অমুক ঠাইলৈ যাওঁতে কাল প্ৰাপ্ত হয়। তেতিয়াৰ পৰা মই এই ছত্ৰৰ ছায়াত থাকিম বুলি মনস্থ কৰি আহি আহি এইখিনি পাইছোহি। ইচ্ছা কৰিছোঁ যেন জীৱনৰ বাকী দিন কেটা ইয়াতে কটাম। এতিয়া প্ৰাৰ্থনা কৰোঁ যে অমুক জঙ্গলত কিছুদিন থাকিবলৈ দিয়ে আৰু তাতে জঙ্গল কাটি “সাহাবাদ” নামে এখন নগৰ স্থাপন কৰিবৰ হুকুম পাওঁ।” ৰজাই হাসেনবানুক দেখি অত্যন্ত সন্তোষ পালে আৰু কবলৈ ধৰিলে “ডেকা আজিৰ পৰা তুমি মোক পিতৃ তুল্য বুলি ভাবিবা আৰু মোৰ সন্তান-সন্ততিৰ মাজত তুমি যে এটা হলা। যি লাগে তাকে দিম। য’তে খুচি ত’তে থাকা। মনত কোনো শঙ্কা নকৰিবা।” হাসেনে উত্তৰ কৰিলে স্বৰ্গদেৱে যদি মোক কোৱঁৰ শ্ৰেণী ভূক্তহে কৰিলে তেন্তে মোক এটা উত্তম খিতাপ আৰু নাম দিয়া হওঁক, যাতে মোৰ সন্মান বাঢ়ে। ৰজাই তেওঁৰ নাম দিলে “মেহেৰসাহ” আৰু কলে “হে পুত্ৰ যি জঙ্গলৰ নাম কলা সি বহু দূৰত। মোৰ এনেহে ইচ্ছা যেন ৰাজ্যৰ ওচৰতে এডোখৰ ঠাইত তুমি নিজ নামেৰে এখন চহৰ কৰি থাকিবা।” হাসেনে জৱাব দিলে যে “স্বৰ্গদেৱে মোৰ সেই জঙ্গলতহে মন বহিছে। তাতে মিস্ত্ৰী লগাই চহৰ