বানুৱে সমস্ত বৃত্তান্ত কৈ কলে স্বৰ্গদেৱ সেই ডকাইত আন কেওঁ নহয় আপোনাৰ গুৰুজন। গুৰুৰ ওপৰত ৰজাৰ বৰ ভক্তি আৰু বিশ্বাস কাজেই এই কথা শুনি গোচৰ মিছা বুলি অনুমান কৰি হুকুম দিলে যে এই ছোৱালী জনীক বধ কৰিব লাগে। এজন পাত্ৰই তেতিয়া উঠি বৰজখ সদাগৰৰ নাম কৰি কলে স্বৰ্গদেউ তেখেত আপোনাৰ পৰম মিত্ৰ আছিল তেওঁৰ কন্যাক যদি আপুনি আজি হত্যা কৰে তেন্তে বৰ অপযশ হব। কথাত ৰজা অলপ কুমলিল হুকুম দিলে বাৰু, এইক প্ৰাণে মাৰিব নালাগে, কিন্তু এই সমস্ত সম্পত্তি ৰজাঘৰীয়া হল আৰু এই ৰাজ্য এৰি এতিয়াই গুছি যাব লাগে। ৰজাৰ ফৌজে তৎক্ষণাৎ হাসেন বানুক নগৰৰ বাজ কৰি দিলে, লগত গল কেৱল ধাই। ইফালে সমস্ত সম্পত্তি ৰাজ চৰকাৰৰ অধীন হল।
অন্তৰত বৰ দুখ পাই ধাই আৰু বানু গৈ গৈ বৰ ডাঙৰ হাবি পালেগৈ। হাবিৰ ভিতৰেদি গৈ গৈ ভাগৰে-দুখে, ভোকে-পিয়াহে আকুল হৈ এজোপা গছৰ তলত দুয়ো গৈ বহিল গৈ। তাতে দুয়োৰো টোপনি ধৰিলত, লাল কাল দি শুলে। হাসেন বানুৱে সপোন দেখিলে যেন এজন সন্ন্যাসী বগা কাপোৰ পিন্ধি হাতত সেউজিয়া টোকন এডাল, ডিঙ্গিত ৰুদ্ৰাক্ষৰ মালা দেখিলেই ভক্তিৰ উদ্ৰেক হয়। তেখেতে কলে আইদেউ দুঃখ নকৰিবা। পৰমেশ্বৰে যি কৰে মঙ্গলৰ নিমিত্তেই কৰে। এই গছৰ তলত সাত জন ৰজাৰ ধন আছে। সেই ধন তোমাৰ নিমিত্তেই আছে। উঠি অলপ খান্দিলেই পাবা।” সাৰপাই উঠি হাসেন বানুয়ে বাইক কলে আৰু দুয়ো গছৰ তল খান্দিবলৈ আৰম্ভ কৰিলে। অলপমান পৰ খন্দাৰ পাছতে গছৰ তলত সাতোটা কুঁৱা ওলাল, আৰু সাতোটা কুৱাতেই সোণৰ মোহৰেৰে খুন্দ খাই থকা দেখা গল। তাৰ মাজত কুকুৰা কাণৰ সমান ডাঙৰ মুক্তা এটাও পালে।
এই খিনি ধন দৌলত পাই হাসেন বানুৰ মনত বৰ আনন্দ হল আৰু পৰমেশ্বৰক অসীম কৃতজ্ঞতা জনালে। তাৰ পাছত ধাইক