বানুয়েই পালে। সেই সময়ত হাসেন বানু পাট গাভৰু। “বৰজখে"
হাসেন বানুক ৰজাক গতাই দি গৈছিল। ৰজায়ো তেওঁক নিজৰ
সন্তানৰ তুল্যই দেখিছিল, আৰু বৰজখৰ ধন সম্পত্তি সকলো
হাসেন বানুকে সঁপি দিছিল। কিছুকাল পাছত যেতিয়া ছোৱালী
অলপ জনা শুনা হ’ল তেতিয়া নিজৰ আত্মৰ সদ্গতি আৰু দেহ
মনৰ পবিত্ৰতাৰ কথা ভাবি তেওঁ তেওঁৰ নিজৰ ধাই মাকক ক'লে
“মোৰ মৰমীয়াল আই অ, এই সংসাৰ এটা পানীৰ বুদ্বুদৰ নিচিনা
ক্ষণস্থায়ী। এই ধন দৌলত মই অকলেই লৈ কি কৰিম। এনে
মনেধৰে যেন এইবিলাক ভগবানৰ নামত তেওঁৰ কাৰ্য্যত লগাই দিওঁ
আৰু নিজকে পৃথিবীৰ জঞ্জালবিলাকৰ পৰা পৱিত্ৰ ৰাখোঁ। বিয়া
নকৰাওঁ কেৱল ভগবানৰ ধ্যানত জীৱন কটাওঁ। তুমি মোৰ এই
সঙ্কল্প কেনে দেখা কোৱাঁ?” ধাইয়ে কলে—“আই মোৰ কথা শুনা,
তুমি এখন কাগজত মই কোৱাদৰে সাতোটা প্ৰশ্নলিখি তোমাৰ দুৱাৰত
কাগজখন লগাই থোৱা।”
আৰু লেখি দিবা যে তোমাৰ সেই সাতোটা প্ৰশ্নৰ যি লোকে মীমাংসা
কৰি দিব পাৰিব তুমি তেওঁকে বৰিবা। সেই প্ৰশ্ন কেইটা এই–"
১ম প্ৰশ্ন—সেইটো কি বস্তু যাক এবাৰ দেখিলে আকৌ দ্বিতীয়বাৰ
দেখিবলৈ হাউস লাগে।
২য় প্ৰশ্ন–পূণ্য কাৰ্য্য কৰা আৰু নদীত ভঁহাই দিয়া।
৩য় প্ৰশ্ন–কৰো প্ৰতি অন্যায় নকৰিবা-কৰা যদি তাকে পাবা।
৪ৰ্থ প্ৰশ্ন–সত্যবাদীৰ সদাই সুখ হয় কিয়?
৫ম প্ৰশ্ন -কোহিন্দাৰ খবৰ আনিব লাগে।
৬ষ্ঠ প্ৰশ্ন--মোৰ ওচৰত যি মুক্তা আছে সি এটা কুকুৰাৰ কণিৰ
সমান। তাৰ জুৰি ক'ত আছে আনি দিব লাগে।
৭ম প্ৰশ্ন–হমামবাদগৰদৰ খবৰ আনি দিব লাগে। হাসেন বানুৱে
ধাইৰ এই কথাত মান্তি হ'ল। মনে মনে গুনিলে যে এনে কোন আছে
হেঁপাহ।