হাতেম তাই
প্ৰথম সাধু—খোৰাছান নগৰৰ বৰজখ সদাগৰৰ জীয়াৰী হাসেন বানুক সেই নগৰৰ বাজ কেনেকৈ কৰা হয় আৰু কেনেকৈ হাবিলৈ গৈ তেওঁ অগণন ধন-সোণ পায় আৰু ৰাজপুত্ৰ ‘মণিৰ স্বামী’ কেনেকৈ তেওঁৰ প্ৰেমত পৰে আৰু হাতেম তায়ে কেনেকৈ তেওঁক সেই বিষয়ত সহায় কৰিবলৈ প্ৰতিজ্ঞা কৰে।
শুনাত শুনো যে “খোৰাছান” নগৰত এজন ৰজা আছিল। লাখে লাখে অশ্বাৰোহী আৰু পদাতিক সৈন্য সদাই তেখেতৰ লগত আছিল, আৰু বিচাৰ বিবেচনাত এনে আছিল যে তেখেতৰ ৰাজ্যত বাঘে-ছাগে একে ঘাটে পানী খাইছিল। তেখেত এনে ন্যায় বিচাৰক আছিল যে আপোন পিতাককো সেই বিষয়ত খাতিৰ নকৰিছিল। তেখেতৰ ৰাজ্যত “বৰজখ” নামেৰে এজন খুব বিশিষ্ট ধনী আছিল। তেওঁ তেওঁৰ কৰ্ম্মচাৰীসকলৰ হাতত বেপাৰৰ বস্তু- বাহানি দি নানান দেশত বেহা কৰোৱাইছিল। তেওঁ নিজে কিন্তু নিজৰ দেশতেই শান্তিৰে বাস কৰিছিল। তেওঁ ৰজাক বৰ সন্মান আৰু ভক্তি কৰিছিল, আৰু ৰজাৰো তেওঁৰ ওপৰত খুব কৃপা আৰু মৰম আছিল; কিছুদিনৰ মুৰত বৰজখৰ জীৱনৰ সফুৰা শেষহৈ গ’ল আৰু তেওঁ ‘হাসেন বানু’ নামেৰে একেটি জীয়াৰী এৰি ইহ সংসাৰ ত্যাগ কৰিলে। তেওঁৰ ধন সম্পত্তি তেওঁৰ জীয়াৰী হাসেন