পৃষ্ঠা:হাতেম তাই.djvu/১০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
হাতেম তাই
 

তোমালোকৰ দুখ গুচুৱাম। আতা আবু! ময়েই সেই পলৰীয়া হাতেম তাই। এই পৰ্ব্বতৰ গুহাৰপৰা তোমালোকৰ সকলোবোৰ কথা শুনিছোঁ। মোক নওফেলৰ ওচৰলৈ লৈ বলা; এতিয়াই দহ হেজাৰ সোণৰ মোহৰ পাবা। তোমালোকৰ সকলো দুখ গুচিব।” এই কথা কৈ-কৈ হাতেম আহি বুঢ়া-বুঢ়ীৰ আগতে থিয় হলহি। বুঢ়া বুঢ়ীয়ে নিজৰ চকু কাণকে বিশ্বাস কৰিব নোৱাৰা হ’ল। বুঢ়াই ভাবিলে-সপোন দেখিছো নে কি? মানুহে নো পৰৰ দুখ গুচুৱাবলৈ নিজৰ মূৰ আগবঢ়াব পাৰেনে? কি মায়া এইবোৰ! এইদৰে ভাবি ভাবি বুঢ়া-বুঢ়ীয়ে হাতেমৰ মুখলৈ ভেলেঙা লাগি চাই ৰ'ল। হাতেমে আকৌ কলে,-“কেলেই পলম কৰিছা? লৈ বলা মোক তোমালেকে। নহলে আন কোনোবাই আহি দেখিলে, তোমালোকৰ পুৰস্কাৰ পোৱা মিছা হব। তোমালোকৰ দুখৰ কথা শুনি মই অন্তৰত বৰ বেজাৰ পাইছোঁ; সেয়েহে নিজে ধৰা দিছোঁহি। বলা মোক বাদচাহৰ ওচৰলৈ লৈ ব’ল, পলম নকৰিবা।” কাঠকটীয়া বুঢ়াৰ মনত কি খেলালে ঈশ্বৰেহে জানিলে -বুঢ়াই বলিয়াৰ দৰে চিঞৰি উঠিল—“হাঁয়, প্ৰভু! নহয় নহয় নহয় এইবোৰ কি প্ৰলোভন দেখুৱাইছা? যাওক, আপুনি গুচি যাওঁক এই ঠাইৰপৰা; এই ঠাইত আৰু নেথাকিব। আমাৰ দেহত প্ৰাণ থাকে মানে আমি এনে ছয়তানি কৰিব নোৱাৰোঁ। হে প্ৰভু! আজি তুমি মাটিৰ পৃথিৱীত কি সৰগৰ ছবি দেখুৱালা দয়াময়! গতিকে যাওক আপুনি পলাই যাওক। কেউপিনে ৰজাৰ চৰে পিয়াপি দি আপোক বিচাৰি ফুৰিছে। কোনোবাই আপোনাক দেখিবহি, সৰ্ব্বনাশ হব। পলাওক পলাওক, জীৱন ৰাখক আপোনাৰ। দেৱতা! লুকাওক লুকাওক।”
 কাঠুৰীয়াৰ কথা শুনি হাতেমৰ মহৎ হৃদয় বিগলিত হ'ল, চকুৰ পানী ওলাল। তথাপি মনৰ ভাব লুকুৱাই হাতেমে কলে–“বুঢ়া ভাই! তোমাললাকে যদি মোক ধৰি নিনিয়া, তেন্তে মই নিজেই গৈ বাদচাহক কমগৈ তোমালোকে মোক লুকুৱাই ৰাখিছা বুলি। তেতিয়া তোমালোকেও