সাগ্ৰহেৰে উৰ্দ্দু ভাষা শিকে। অলপ দিনৰ ভিতৰতে তেখেতে উৰ্দ্দু ভাষা আয়ত্ত কৰি উক্ত মৌলবী জনৰ হাতত “হাতেম তাই” পুথিখন পাই উৰ্দ্দু, পুথিখন অসমীয়ালৈ ভাঙিবলৈ ধৰে। এনেতে বৰদলৈ কঠিন কণ্ঠৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ পৰিল। পুথিখনিৰ কেইটামান অধ্যায় অসমাপ্ত হৈয়ে ৰল। বৰদলৈদেৱ ডেৰ বছৰৰ মূৰত জেলৰপৰা মুক্তি পাই জুৰুলা দেহেৰে বাহিৰলৈ আহি ঠান-বান সংসাৰখনত মন দিয়েহি। এনে অৱস্থাত পুথিখনি অসমাপ্ত অৱস্থাতে পৰি ৰল। বৰদলৈদেৱৰ দেউতাৰ ) স্বৰ্গাৰোহণৰ আজি সুদীৰ্ঘ দিনৰ পিচত পুথিখনিত চকু পৰি, মই এখন বঙালী “হাতেম তাই”ৰ-পৰা অসমাপ্ত অংশখিনি সমাপ্ত কৰিলোঁ। আগৰ অধ্যায়বোৰ মূল উৰ্দ্দুৰ ভাঙনিৰ লগত পিচৰ বঙালী পুথিৰ ভাঙনিৰ হয়তো ত্ৰুটি বিচ্যুতি হব পাৰে; ভাষাৰো তাৰতম্য ঘটিব পাৰে। সেই বাবে ৰাইজৰ ওচৰত ক্ষমা মাগিলোঁ। আজি দীঘলীয়া দুকুৰি বছৰৰ মূৰত চৰকাৰৰ প্ৰকাশন পৰিষদৰ সহায়ত পুথিখনি ৰাইজৰ আগলৈ উলিয়াবলৈ পাই ধন্য মানিছোঁ। কাৰণ এই পুথিখনি অকল উৰ্দ্দু, সাহিত্যৰে গৌৰৱৰ বস্তু নহয় সমগ্ৰ ইছলাম ধৰ্ম্মৰো গৌৰৱৰ বস্তু। পুথিখনি অনুলিপি কৰি দি সহায় কৰা বাবে শ্ৰীতাৰিণী শৰ্ম্মাৰ শলাগ লৈছোঁ। শেষত প্ৰকাশন পৰিষদৰ সহায়ত ছপা কৰি ৰাইজৰ আগত দাঙি ধৰিবলৈ সুবিধা দিয়া বাবে পৰিষদলৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ। শেষত ৰাইজৰ ওচৰত মৰম বিচাৰি—
প্ৰকাশিকা |